• Home
  • »
  • News
  • »
  • nation
  • »
  • বিয়াৰ পিছত বগা চাদৰত ‘সতীত্ব পৰীক্ষা’, বিফল হোৱাৰ বাবে দিলে বিবাহ বিচ্ছেদ, তাৰ পিছত দুই ভগ্নীয়ে ল’লে এই ব্যৱস্থা

বিয়াৰ পিছত বগা চাদৰত ‘সতীত্ব পৰীক্ষা’, বিফল হোৱাৰ বাবে দিলে বিবাহ বিচ্ছেদ, তাৰ পিছত দুই ভগ্নীয়ে ল’লে এই ব্যৱস্থা

এই ঘটনা মহাৰাষ্ট্ৰৰ কোলহাপুৰৰ ৷ য'ত দুগৰাকী ভগ্নীৰ এগৰাকীয়ে কুমাৰীত্ব তথা মহিলাৰ চৰিত্ৰ নিৰ্ধাৰণ কৰিবলৈ ব্যৱহৃত পুৰুষতান্ত্ৰিক 'বগা চাদৰ' পৰীক্ষাত উত্তীৰ্ণ হোৱাত ব্যৰ্থ হৈছিল।

এই ঘটনা মহাৰাষ্ট্ৰৰ কোলহাপুৰৰ ৷ য'ত দুগৰাকী ভগ্নীৰ এগৰাকীয়ে কুমাৰীত্ব তথা মহিলাৰ চৰিত্ৰ নিৰ্ধাৰণ কৰিবলৈ ব্যৱহৃত পুৰুষতান্ত্ৰিক 'বগা চাদৰ' পৰীক্ষাত উত্তীৰ্ণ হোৱাত ব্যৰ্থ হৈছিল।

এই ঘটনা মহাৰাষ্ট্ৰৰ কোলহাপুৰৰ ৷ য'ত দুগৰাকী ভগ্নীৰ এগৰাকীয়ে কুমাৰীত্ব তথা মহিলাৰ চৰিত্ৰ নিৰ্ধাৰণ কৰিবলৈ ব্যৱহৃত পুৰুষতান্ত্ৰিক 'বগা চাদৰ' পৰীক্ষাত উত্তীৰ্ণ হোৱাত ব্যৰ্থ হৈছিল।

  • Share this:
আজিৰ এই আধুনিক সময়তো পূৰ্বৰ সেই পুৰণিকলীয়া চিন্তাধাৰাৰে সম্পন্ন একাংশ লোকে মহাৰাষ্ট্ৰত সংঘটিত কৰিলে এক আচৰিত কাণ্ড ৷ য’ত কুমাৰীত্বৰ পৰীক্ষাত বিফল হোৱাৰ বাবেই সংঘটিত হ’ল 'বিবাহ বিচ্ছেদ'ৰ দৰে ঘটনা ৷

ৰাজ্যখনৰ কোলহাপুৰ জিলাত সংঘটিত এই ঘটনা অনুসৰি যেতিয়া দুগৰাকী ভগ্নী মাজৰ এগৰাকীয়ে কুমাৰীত্ব তথা মহিলাৰ চৰিত্ৰ নিৰ্ধাৰণ কৰিবলৈ ব্যৱহৃত পুৰুষতান্ত্ৰিক "বগা চাদৰ" পৰীক্ষাত উত্তীৰ্ণ হোৱাত বিফল হৈছিল । তেতিয়া এই পৰীক্ষাত বিফল হোৱাৰ বাবেই ন-কইনাক তেওঁলোকৰ স্বামী গৃহৰ পৰা পিতৃ-মাতৃৰ ঘৰলৈ ঘূৰাই পঠোৱা হৈছিল ৷

তথ্য অনুসৰি, দুয়োগৰাকী ভগ্নী - কাঞ্জৰভাট সম্প্ৰদায়ৰ আছিল আৰু বিগত বছৰ দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু এগৰাকী ভগ্নীৰ স্বামী আৰু পিতৃ-মাতৃয়ে "কুমাৰীত্ব পৰীক্ষা"ত বিফল হোৱাৰ পিছত বিবাহ বিচ্ছেদৰ কৰিবলৈ চেষ্টা চলায় ৷ তথাকথিত ৰক্ষণশীল সমাজত "কুমাৰীত্ব পৰীক্ষা" হৈছে এনে পৰীক্ষা য'ত এগৰাকী মহিলাৰ কুমাৰীত্ব তেওঁৰ স্বামীৰ সৈতে সহবাস কৰাৰ পিছৰ তেজৰ পৰিমাণৰ দ্বাৰা মহিলাৰ সতীত্ব নিৰ্ধাৰণ কৰা হয় । যি প্ৰথা মহিলাসকলৰ প্ৰতি এক বিদ্বেষমূলক আৰু বৈষম্যমূলক হিচাপে প্ৰতি সময়তে চিনাক্ত হৈ আহিছে ৷

এই কুমাৰীত্ব পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ পিছতে সন্দীপ কাঞ্জাৰভাটৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা মহিলাগৰাকীয়ে অভিযোগ কৰিছিল যে তেওঁৰ স্বামী আৰু শাহুৱেককে ধৰি শহুৰৰ ঘৰৰ লোকসকলে তেওঁক পিতৃ গৃহলৈ ঘূৰাই পঠোৱাৰ পৰিকল্পনা কৰিছিল। আৰু এই ঘটনাৰ পিছতে দুয়োগৰাকী ভগ্নীয়ে সম্প্ৰতি ঘটনা সম্পৰ্কত স্বামী আৰু তেওঁলোকৰ পৰিয়ালৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ । জানিব পৰা মতে, সন্দীপৰ মাক শোভাই বিয়াৰ পিছতে দুটা ধৰি তেওঁৰ ন-কইনাৰ ওপৰত অত্যাচাৰ চলাইছিল আৰু হিংসাত্মক কাৰ্যও সংঘটিত কৰিছিল। আনফালে ভগ্নীদ্যে জাট পঞ্চায়তৰ সদস্যসকলৰ বিৰুদ্ধেও এটা গোচৰ ৰুজু কৰিছে, যিয়ে স্বামী পৰিয়ালটোক সমৰ্থন কৰিছিল আৰু ভগ্নীদ্বয়ক বৰ্জন কৰিবলৈ নিৰ্দেশ দিছিল।

ভুক্তভোগী মহিলাগৰাকীয়ে কয় এনেদৰে, “কুমাৰীত্ব পৰীক্ষাৰ বাবে তেওঁলোকে মোক সাজু হ'বলৈ আৰু ৰাতিৰ আহাৰ খাবলৈ কৈছিল । তেওঁলোকৰ আত্মীয়সকল ঘটনাস্থলীত উপস্থিত আছিল। বগা চাদৰৰ সৈতে বিচনা সাজু আছিল , কিন্তু তেওঁলোকে এই পৰিকল্পনা কৰিছে বুলি মোৰ কোনো ধাৰণাই হোৱা নাছিল ৷ মোৰ ৰক্তক্ষৰণ হোৱা নাছিল সেয়েহে তেওঁলোকে অভিযোগ কৰিছিল যে মই চৰিত্ৰ ঠিক নহয় । মোৰ স্বামীয়ে মোক ভাবুকি দিছিল যে তেওঁ আন কোনো লোকৰ দ্বাৰা বেলগামত মোক ধৰ্ষণ কৰাব ।”

লগতে ভুক্তভোগী মহিলাগৰাকীয়ে কয় যে এই ঘটনাৰ পিছল যদি মোৰ কোনো আত্মসন্মান বাকী আছে, তেন্তে মই ঘৰলৈ যাব লাগে বা আত্মহত্যা কৰি মৰিব লাগে বা তেওঁলোকে মোক আত্মহত্যা কৰি মৰিবলৈ বাধ্য কৰিব বুলিও কৈছিল ৷

ভুক্তভোগী মহিলাগৰাকীয়ে লগতে অভিযোগ কৰে যে কুমাৰীত্ব পৰীক্ষাত বিফল হোৱাৰ পিছততে শহুৰৰ পৰিয়ালে তেওঁ ভগ্নীৰ পৰিয়ালকো হাৰাশাস্তি কৰিছিল যিয়ে তেওঁলোকক সন্তুষ্ট কৰিবলৈ আৰু সংশোধন কৰাবলৈ চেষ্টা কৰিছিল । কিন্তু পৰিয়ালটোৱে ১০ লাখ টকা দাবী কৰিছিল ৷
First published: