‘পত্নীতকৈ ডাঙৰ একো নহয়’ – ছুটী নোপোৱাত দুই আৰক্ষী পৰিদৰ্শকে বিচাৰিলে অৱসৰ

News18 Assam | News18-Assam
Updated:January 28, 2020, 5:11 PM IST
‘পত্নীতকৈ ডাঙৰ একো নহয়’ – ছুটী নোপোৱাত দুই আৰক্ষী পৰিদৰ্শকে বিচাৰিলে অৱসৰ
দুয়োগৰাকী পৰিদৰ্শকক উচ্চপদস্থ বিষয়াই বহু বুজনি দিলে। কিন্তু কোনো কথাতে মান্তি নহ’ল পৰিদৰ্শক দুজন। অৱশেষত উপায়হীন হৈ চাকৰিৰ পৰা অৱসৰ দিবলগীয়া হয় দুয়োজনকে।

দুয়োগৰাকী পৰিদৰ্শকক উচ্চপদস্থ বিষয়াই বহু বুজনি দিলে। কিন্তু কোনো কথাতে মান্তি নহ’ল পৰিদৰ্শক দুজন। অৱশেষত উপায়হীন হৈ চাকৰিৰ পৰা অৱসৰ দিবলগীয়া হয় দুয়োজনকে।

  • Share this:
ল’ৰা বাহিৰত চাকৰি কৰে, সেয়েহে ঘৰত অকলে থাকিবলগীয়া হয় পত্নী। গোটেই দিনটো পত্নীক চোৱাচিতা কৰিবলৈও কোনো নাই। ছুটী বিচাৰিছিল, ছুটীও নাই। সেয়েহে ইচ্ছাকৃতভাৱে অৱসৰ ল’লে দুই আৰক্ষী পৰিদৰ্শকে। শীৰ্ষ বিষয়াই বহু বুজনি দিলে, কিন্তু তেওঁলোকে নামানে। তেওঁলোকৰ মন্তব্য – পত্নীতকৈ একো ডাঙৰ নহয়।

ঘটনাটো উত্তৰ প্ৰদেশৰ পৰেলী জিলাৰ। বৰেলী জ’নৰ দুই পৃথক পৃথক জিলাত নিয়োজিত দুই পৰিদৰ্শকে ডি আই জি ৰাজেশ পাণ্ডেক সাক্ষাৎ কৰি বিচাৰিলে অৱসৰ। অমৰোহাৰ ডিডৌলী থানাৰ অন্তৰ্গত ছলামতপুৰৰ বাসিন্দা এছ আই জয়পাল সিঙে ১৯৮০ চনৰ ডিচেম্বৰত কনিষ্টবল হিচাপে আৰক্ষীত ভৰ্তি হৈছিল। ঘৰত পত্নী আৰু তিনি পুত্ৰ আছে। ডাঙৰ পুত্ৰ আৰু বোৱাৰী চিকিৎসক। আন দুই সন্তানেও ভাল পদত আন চাকৰিত নিয়োজিত। সেয়েহে ঘৰত পত্নী অকলে থাকিবলগীয়া হয়। জয়পাল সিঙৰ মতে, আৰক্ষী বাহিনীত ছুটী নাপায়। ছমাহৰ মূৰতো ঘৰলৈ যাব নোৱাৰে। সেয়েহে স্বেচ্ছাই অৱসৰ লাগে।

আনহাতে, শ্বাহজাহানপুৰৰ গঢ়িয়া ৰংগীনৰ আন এগৰাকী পৰিদৰ্শক নৰেশ ভাটনাগৰৰ মতে তেওঁৰ পত্নী পুষ্পা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী। কন্যা গাজিয়াবাদত অভিযান্ত্ৰিক কলেজৰ শিক্ষয়িত্ৰী। পুত্ৰ এম টেক কৰি আছে। নৰেশৰ মতে পত্নী এমাহ ধৰি ৰোগাক্ৰান্ত। হাস্পতালত চিকিৎসাধীন হৈ আছে। পত্নীৰ বেমাৰ সত্ত্বেও পোৱা নাই ছুটী। সেয়েহে অৱসৰৰ বাদে কোনো বিকল্প নাই।

দুয়োগৰাকী পৰিদৰ্শকক উচ্চপদস্থ বিষয়াই বহু বুজনি দিলে। কিন্তু কোনো কথাতে মান্তি নহ’ল পৰিদৰ্শক দুজন। অৱশেষত উপায়হীন হৈ চাকৰিৰ পৰা অৱসৰ দিবলগীয়া হয় দুয়োজনকে।
আৰু চাওক
পৰৱৰ্তী বাতৰি