দুই মৎস্য চিকাৰী আজি দেশৰ সম্পদ! খেল’ ইণ্ডিয়াত দৃষ্টি আকৰ্ষণ কৰিছে দুগৰাকী খেলুৱৈয়ে

News18 Assam | News18-Assam
Updated:January 15, 2020, 2:06 PM IST
দুই মৎস্য চিকাৰী আজি দেশৰ সম্পদ! খেল’ ইণ্ডিয়াত দৃষ্টি আকৰ্ষণ কৰিছে দুগৰাকী খেলুৱৈয়ে
ঝাৰখণ্ডৰ ভিতৰুৱা অঞ্চলৰ দুই প্ৰতিভাৱান খেলুৱৈৰ কাহিনী

ঝাৰখণ্ডৰ ভিতৰুৱা অঞ্চলৰ দুই প্ৰতিভাৱান খেলুৱৈৰ কাহিনী

  • Share this:
বিশেষ কেশ সজ্জাৰ দুগৰাকী খেলুৱৈয়ে গুৱাহাটীৰ খেলো ইণ্ডিয়াত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ঝাৰখণ্ডৰ ভিতৰুৱা আঞ্চলৰ পৰা আহি গুৱাহাটীৰ খেলো ইণ্ডিয়াত অংশ লৈছে দুই আদিবাসী যুৱকে। ঝাৰখণ্ডৰ ৰাজধানী ৰাচীৰ পৰা প্ৰায় চাৰিশ কিলোমিটাৰ নিলগৰ কুণ্ডপনী আৰু মুছৰমুৰৰ দুই প্ৰতিভাসম্পন্ন খেলুৱৈৰ নাম বট্টছ বাৰলা আৰু ৱালটাৰ কাণ্ডুলনা।

অতি দৰিদ্ৰ পৰিয়ালত জন্মলাভ কৰা ৱালটাৰ আৰু বট্টছে সৰুৰে পৰাই দেখিছিল ডাঙৰহৈ ভাল খেলুৱৈ হোৱাৰ সপোন। দুবেলা দুসাজ খোৱাৰ বাবে পিতৃৰ সৈতে পথাৰত কাম কৰা আৰু খাল বিলত মৎস্য চিকাৰ কৰাৰ লগতে সময় উলিয়াই এথলেটিকছ খেলিবলৈ লোৱা ৱালটাৰ আৰু বট্টছৰ ওপৰত এতিয়া দৃষ্টি নিবদ্ধ হৈ আছে ভাৰতীয় ক্ৰীড়া বিশেষজ্ঞৰ। সেয়েহে দুয়োকে সংশ্লিষ্ট কতৃপক্ষ ই উন্নত প্ৰশিক্ষণৰ বাবে লৈ গৈছিল মধ্য প্ৰদেশলৈ।

গুৱাহাটীৰ খেলত চতুৰ্থ স্থান লাভ কৰা ৱালটাৰে আৰু বট্টছে ভৱিষ্যতে অলিম্পিক গেমছত জাতীয় দলক প্ৰতিনিধিত্ব কৰিব বিচাৰে। প্ৰথমবাৰলৈ অসমলৈ অহা ৱালটাৰ আৰু বট্টছে গুৱাহাটীৰ পৰিবেশত সন্মোহিত হৈ পৰে।
Published by: Himangshu Bhuyan
First published: January 15, 2020, 1:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading