• Home
  • »
  • News
  • »
  • nation
  • »
  • Mumbai: মুম্বাইৰ ব্যস্ত পথত আঘাতপ্ৰাপ্ত চৰাই বচাবলৈ গৈ দুই ব্যক্তিৰ টেক্সিৰ খুন্দাত মৃত্যু, ভাইৰেল স্পৰ্শকাতৰ ভিডিঅ'

Mumbai: মুম্বাইৰ ব্যস্ত পথত আঘাতপ্ৰাপ্ত চৰাই বচাবলৈ গৈ দুই ব্যক্তিৰ টেক্সিৰ খুন্দাত মৃত্যু, ভাইৰেল স্পৰ্শকাতৰ ভিডিঅ'

ইতিমধ্যে ভাইৰেল হোৱা স্পৰ্শকাতৰ ভিডিঅ'টো দেখি সকলোৱে দুখ প্ৰকাশ কৰে।

ইতিমধ্যে ভাইৰেল হোৱা স্পৰ্শকাতৰ ভিডিঅ'টো দেখি সকলোৱে দুখ প্ৰকাশ কৰে।

ইতিমধ্যে ভাইৰেল হোৱা স্পৰ্শকাতৰ ভিডিঅ'টো দেখি সকলোৱে দুখ প্ৰকাশ কৰে।

  • Share this:
সাগৰৰ কাষৰ পথত আহত এটা চৰাই দেখি ব্যৱসায়ী অমৰ মনীষ জাৰিৱালাই চালকজনক বাহনখন পাৰ্ক কৰাবলৈ কয়। ইখনৰ পিছত সিখনকৈ দ্ৰুতগতিত পাৰ হোৱা গাড়ীৰ মাজেৰে তেওঁলোকে আঘাতপ্ৰাপ্ত চৰাইটোৰ ওচৰ পাইছিল। কিন্তু সংঘটিত হৈ গ'ল কৰুণ ঘটনা (Accident in Mumbai Sea Link)।

এখন দ্ৰুতবেগী টেক্সি তেওঁলোকৰ ফালে আহে আৰু অমৰ মনীষ আৰু তেওঁৰ চালক শ্যামসুন্দৰক কোনো সুযোগেই নিদিলে। আঘাতপ্ৰাপ্ত চৰাই হাতত লৈ থাকোঁতে টেক্সিখনে তেওঁলোকক খুন্দা মাৰে। দুৰ্ঘটনাটো ইমানেই ডাঙৰ আছিল যে তেওঁলোকে প্ৰায় পাঁচ ফুট শূন্যলৈ চিটিকি ১০ ফুট দূৰৰ গাৰ্ডৰেইলত পৰে।

লগে লগে তেওঁলোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়, কিন্তু চিকিৎসকে ঘোষণা কৰে যে অমৰ মৃত আৰু অলপ পিছত শ্যামসুন্দৰেও শেষ নিশ্বাস ত্যাগ কৰে।

আৰক্ষীয়ে জনোৱা অনুসৰি, অমৰে বান্দ্ৰা-ৱৰ্লি হৈ মালাদলৈ গৈ আছিল। সাগৰীয় সংযোগ স্থানত তেওঁলোকৰ গাড়ীয়ে এটা চৰাইক খুন্দিওৱাত আহত হয় (a bird was hit by their car)। কিন্তু আঘাতপ্ৰাপ্ত চৰাইটো দেখি তেওঁ গাড়ীৰ পৰা নামি আহিছিল। কিন্তু মৃত্যুমুখত পৰে। আৰক্ষীয়ে ইতিমধ্যে ৰবীন্দ্ৰকুমাৰ জয়সৱা নামৰ টেক্সি চালকজনক দ্ৰুতগতিত গাড়ী চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে।





উল্লেখ্য এই দুৰ্ঘটনা ৩০ মে'ত সংঘটিত হৈছিল। কিন্তু শেহতীয়াকৈ পোৱা চিচিটভি কেমেৰাৰ ভিডিঅ'ত এই তথ্য উদ্ধাৰ হয়। ইতিমধ্যে ভাইৰেল হোৱা স্পৰ্শকাতৰ ভিডিঅ'টো দেখি সকলোৱে দুখ প্ৰকাশ কৰে।
Published by:Gautam Barman
First published: