কোৰোণা ভাইৰাছৰ বাবে সাধাৰণ জনতাৰ লগতে ক’ৰ্ট–কাছাৰীৰ কামো প্ৰভাৱিত হৈছে। উত্তৰ প্ৰদেশত ২৭ এপ্ৰিললৈ বন্ধ থাকিব জিলা আদালত। আনহাতে, উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তেও গোচৰৰ শুনানি গ্ৰহণ কৰা হৈছে। ইয়াৰ মাজতে দিল্লী উচ্চ ন্যায়ালয়ৰ এক ঘটনা পোহৰলৈ আহিছে, যিয়ে ৰচনা কৰিলে ইতিহাস। জানিব পৰা মতে, দিল্লী হাইক’ৰ্টৰ দুগৰাকী ন্যায়াধীশে ২২০০ কিলোমিটাৰ দূৰত বহি গ্ৰহণ কৰিলে গোচৰৰ শুনানি। এই শুনানি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সম্পূৰ্ণ কৰা হয়।
হিন্দুস্তান সংবাদ পত্ৰৰ মতে, ন্যায়াধীশ হিমা কোহলী দিল্লীত আৰু ন্যায়াধীশ এছ প্ৰসাদ চেন্নাইত আছিল। দুয়োখন চহৰৰ মাজত দূৰত্ব ২২০০ কিলোমিটাৰ। সোমবাৰে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ন্যায়াধীশদ্বয়ে সম্পন্ন কৰিলে বিচাৰ প্ৰক্ৰিয়া। কোৱা হৈছে যে লকডাউনৰ পূৰ্বে ন্যায়াধীশ এছ প্ৰসাদ চেন্নাইলৈ গৈছিল আৰু দিল্লীলৈ উভতি আহিব নোৱাৰিলে। সেইবাবে চেন্নাইৰ পৰাই ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে শুনানি গ্ৰহণ কৰে।
সূত্ৰ অনুসৰি, ন্যায়াধীশ হিমা কোহলী আৰু এছ প্ৰসাদে দুখন জনস্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰে। ইয়াৰ ভিতৰত এখন হ’ল সহস্ৰাধিক গৃহহীন শ্ৰমিকৰ সৈতে জড়িত। আবেদনখনৰ মতে, এই সহস্ৰাধিক গৃহহীন শ্ৰমিক কাশ্মীৰী গে’ট আৰু যমুনা বেংকৰ সমীপৰ নদীৰ পাৰত বাস কৰে। আবেদনত এই শ্ৰমিকসকলক বিজুলি, পানী, খাদ্য আৰু পৰিষ্কাৰ–পৰিচ্ছন্নাৰ ব্যৱস্থা কৰোৱাৰ আবেদন জনোৱা হৈছিল। শুনানি গ্ৰহণ কৰি বিচাৰপীঠে এই শ্ৰমিকসকলক থাকিবলৈ ব্যৱস্থা কৰাৰ নিৰ্দেশ দিয়ে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : April 22, 2020, 09:13 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।