মুখ্যপৃষ্ঠা »খবৰ »দেশ »Army Helicopter Crashes : অৰুণাচল প্ৰদেশত হেলিকপ্টাৰ দুৰ্ঘটনাত ভাৰতীয় সেনাৰ দুই সেনাবিষয়াৰ মৃত্যু

Army Helicopter Crashes : অৰুণাচল প্ৰদেশত হেলিকপ্টাৰ দুৰ্ঘটনাত ভাৰতীয় সেনাৰ দুই সেনাবিষয়াৰ মৃত্যু

সেনাই ইতিমধ্যে দুৰ্ঘটনাটোৰ কাৰণ জানিবলৈ তদন্তৰ নিৰ্দেশ দিছে।

সেনাই ইতিমধ্যে দুৰ্ঘটনাটোৰ কাৰণ জানিবলৈ তদন্তৰ নিৰ্দেশ দিছে।

  • Share this:
অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত লেফটেনেণ্ট কৰ্ণেল ভিভিবি ৰেড্ডী আৰু মেজৰ জয়ন্ত এৰ মৃত্যু হৈছে। বৃহস্পতিবাৰে পুৱা ৯:১৫ বজাত ভাৰতীয় সেনা বাহিনীৰ চিতা হেলিকপ্টাৰ এ টি চিৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰাৰ পিছতে দুৰ্ঘটনাৰ আশংকা কৰা হৈছিল আৰু পিছত সেয়াই সঁচা হয় (Army helicopter Cheetah crashes in Arunachal) ৷

যোগাযোগ বিচ্ছিন্নৰ পিছত ততাতৈয়াকৈ ভাৰতীয় সেনা, এছ এছ বি আৰু আই টি বি পিৰ পাঁচটা দলে অনুসন্ধান আৰম্ভ কৰে। অৱশেষত বিমানখনৰ ধ্বংসাৱশেষ মাণ্ডেলাৰ ভিলেজ বাংলাজাপ ইষ্টৰ সমীপত উদ্ধাৰ হয়।



ভাৰতীয় সেনাই টুইটযোগে জনাই যে হেলিকপ্টাৰখনৰ পাইলট আৰু সহঃ পাইলটে এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে। সেনাই দুয়োগৰাকী শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গৰ সৈতে দৃঢ়তাৰে থিয় দিছে বুলি প্ৰকাশ কৰে। সেনাই ইতিমধ্যে দুৰ্ঘটনাটোৰ কাৰণ জানিবলৈ তদন্তৰ নিৰ্দেশ দিছে।

শেহতীয়া বাতৰি