শনিবাৰে মধ্যপ্ৰদেশৰ মোৰেনাৰ পাহাদগড় অঞ্চলত ভাৰতীয় বায়ুসেনাৰ দুখন যুঁজাৰু বিমান দুৰ্ঘটনাত পতিত হৈছে। মধ্যপ্ৰদেশৰ মোৰেনাৰ ওচৰত এখন ছুখ'ই-৩০ আৰু মিৰাজ ২০০০ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। ইতিমধ্যে, অনুসন্ধান আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে। এই কথা প্ৰতিৰক্ষা সূত্ৰৰ পৰা জানিব পৰা গৈছে। এই ঘটনাৰ পিছতে, ভাৰতীয় বায়ুসেনাৰ আদালতৰ তদন্তৰ নিৰ্দেশ দিছে।
মোৰেনাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰায় সিং নৰৱাৰিয়াই কয়, ‘‘বিমানখন আৰু ইয়াত উপস্থিত থকা লোকৰ সংখ্যা নিশ্চিত কৰিবলৈ এটা বায়ুসেনাৰ দল ঘটনাস্থলীত উপস্থিত হৈছে।’’
সূত্ৰসমূহে লগতে কয় যে, ‘‘দুয়োখন বিমান মধ্যপ্ৰদেশৰ গোৱালিয়ৰ বিমানঘাটিৰ পৰা উৰা মাৰিছিল য’ত এটা অনুশীলন চলি আছিল।’’
মোৰেনাৰ কালেক্টৰে কোৱা অনুসৰি দুৰ্ঘটনাটো পুৱা ৫ বাজি ৩০ মিনিটত সংঘটিত হৈছিল। পাইলটসকলক এছইউ-৩০ৰ পৰা সুৰক্ষিতভাৱে উলিয়াই অনা হৈছে আৰু তেওঁলোক সামান্য আঘাতপ্ৰাপ্ত হৈছে বুলি তেওঁ কয়।
মোৰেনাৰ উপায়ুক্ত অংকিত আস্থানাই কয়, ‘‘পাইলটসকলক বিচাৰি উলিওৱা হৈছে আৰু উদ্ধাৰ অভিযানৰ বাবে আৰক্ষী আৰু স্থানীয় প্ৰশাসন ঘটনাস্থলীত উপস্থিত আছে। পাইলটসকলে আঘাতপ্ৰাপ্ত হৈছে আৰু তেওঁলোক সুৰক্ষিত।’’
"ভাৰতীয় বায়ুসেনাই উক্ত সংঘৰ্ষ মধ্য উৰণত হৈছিল নে নাই সেয়া প্ৰতিষ্ঠা কৰিবলৈ আদালতৰ তদন্তৰ নিৰ্দেশ দিছে। দুৰ্ঘটনাটোৰ সময়ত ছুখ'ই-৩০ত ২ জন পাইলট আৰু মিৰাজ ২০০০ত এজন পাইলট আছিল। প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি ২ জন পাইলট সুৰক্ষিত আছে আনহাতে এখন বায়ুসেনাৰ হেলিকপ্টাৰ সোনকালেই তৃতীয় পাইলটৰ অৱস্থানত উপস্থিত হৈছে।’’ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰত এইদৰে প্ৰকাশ কৰে।
Published by: Sehnaz Begum
FIRST PUBLISHED : January 28, 2023, 17:47 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|