বায়ুসেনাৰ সন্ধানহীন বিমানৰ সৈতে অদ্ভুত মিল ১০ বছৰ আগৰ এই ঘটনাৰ

এটা দশক পূৰ্বে মেচুকাৰ এডভান্স লেণ্ডিং গ্ৰাউণ্ডলৈ যোৱাৰ সময়ত ঠিক সেই স্থানতে সন্ধানহীন হৈছিল বায়ুসেনাৰ আন এখন AN-32 বিমান।

news18assam
Updated:June 5, 2019, 9:15 AM IST
বায়ুসেনাৰ সন্ধানহীন বিমানৰ সৈতে অদ্ভুত মিল ১০ বছৰ আগৰ এই ঘটনাৰ
এটা দশক পূৰ্বে মেচুকাৰ এডভান্স লেণ্ডিং গ্ৰাউণ্ডলৈ যোৱাৰ সময়ত ঠিক সেই স্থানতে সন্ধানহীন হৈছিল বায়ুসেনাৰ আন এখন AN-32 বিমান।
news18assam
Updated: June 5, 2019, 9:15 AM IST
সোমবাৰে যোৰহাটৰ পৰা অৰুণাচললৈ ৰাওনা হোৱাৰ পিছতে নিখোজ হয় বায়ুসেনাৰ AN-32 বিমানখন। এইপৰ্যন্ত কোনো সন্ধান ওলোৱা নাই নিখোজ বিমানখনৰ। বিমানখনৰ সন্ধানত অব্যাহত আছে উদ্ধাৰ অভিযান। এই ঘটনাৰ সৈতে মিল আছে ১০ বছৰ আগৰ আন এটা ঘটনাৰ।

সোমবাৰে দুপৰীয়া ১২.২৫ বজাত যোৰহাটৰ পৰা অৰুণাচল প্ৰদেশৰ মেচুকালৈ ৰাওনা হৈছিল AN-32 বিমানখন। চীন সীমান্তৰ এডভান্স লেণ্ডিং গ্ৰাউণ্ডত অৱতৰণ কৰাৰ কথা আছিল বিমানখন। দুপৰীয়া ১ বজাত অন্তিমবাৰলৈ যোগযোগ স্থাপন হৈছিল বিমানখনৰ সৈতে। তাৰ পিছতে সন্ধানহীন হৈ পৰে বায়ুসেনাৰ বিমানখন।

এটা দশক পূৰ্বে মেচুকাৰ এডভান্স লেণ্ডিং গ্ৰাউণ্ডলৈ যোৱাৰ সময়ত ঠিক সেই স্থানতে সন্ধানহীন হৈছিল বায়ুসেনাৰ আন এখন AN-32 বিমান। সেইবাৰো বিমানখনত আছিল ১৩জন লোক, এইবাৰো আছিল ১৩জন। মেচুকা এডভান্স লেণ্ডিং গ্ৰাউণ্ডৰ পৰা ২৫ কিলোমিটাৰ নিলগত সিংগা আৰু শি ইয়োমি জিলাৰ মাজৰ ঘন জংঘলত উদ্ধাৰ হৈছিল বায়ুসেনাৰ সেই বিমানখন। ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰা হৈছিল ১৩টা মৃতদেহ।

আনহাতে, সোমবাৰে সন্ধানহীন হোৱা AN-32 বিমানখনৰ সন্ধানত সোমবাৰৰ পৰা অব্যাহত আছে উদ্ধাৰ অভিযান। ISROৰ ৰিছেট উপগ্ৰহৰ লগতে সেনা বাহিনীৰ সুখয় এছ ইউ–৩০, চি–১৩০ হাৰকিউলিছ ব্যৱহাৰ কৰা হৈছে অভিযানত। এইপৰ্যন্ত কোনো সন্ধান ওলোৱা নাই বিমানখনৰ। ‘আনন্দবাজাৰ পত্ৰিকা’ত প্ৰকাশ পাইছে এই খবৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি