আধাৰ কাৰ্ড বনাবলৈ চৰকাৰী ৱেবছাইটত ক্লিক কৰিলে লৈ যায় পৰ্ণ ছাইটলৈ
আধাৰ কাৰ্ড বনাবলৈ চৰকাৰী ৱেবছাইটত ক্লিক কৰিলে লৈ যায় পৰ্ণ ছাইটলৈ
গোৱা চৰকাৰৰ দুটা ৱেবছাইট, আধাৰ কাৰ্ড বনাবলৈ চৰকাৰে নিৰ্মাণ কৰিছিল ৱেবছাইট দুটা। কিন্তু এতিয়া ৱেবছাইট দুটাত ক্লিক কৰিলেই লৈ যায় পৰ্ণছাইটলৈ। যাৰফলত এতিয়া চৰম অস্বস্তিত পৰিছে গোৱা চৰকাৰ।ৰাজ্যখনৰ চৰকাৰী সুত্ৰই জনাইছে এই কথা।
গোৱাৰ শিক্ষা বিভাগৰ ৱেবছাইট আৰু ডিৰেক্টৰেট অৱ ‘Official Language’ পৰ্টেল দুটাত দেখা দিছে এই অথন্তৰ। ৰবি ঝা নামৰ ৰাজ্যখনৰ তথ্য আৰু জনসংযোগ বিভাগৰ সচিব গৰাকীয়ে কয় যে, ‘আমি সমগ্ৰ বিষয়টো গুৰুত্বসহকাৰে লৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছো। কিয় ‘IP addresses’ পুনে পুনে পৰ্ণ চাইটলৈ গৈছে আমি আগন্তুক দুই তিনি দিনৰ ভিতৰত জানিব পাৰিম।’
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|