মুখ্যপৃষ্ঠা »খবৰ »দেশ »৯/১১ৰ বিভীষিকাৰ দুটা দশকঃ টুইন টাৱাৰৰ ১০৭মহলাত কৰ্মৰত মণিপুৰৰ জুপিতাৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল ৪ দিনৰ পিছত

৯/১১ৰ বিভীষিকাৰ দুটা দশকঃ টুইন টাৱাৰৰ ১০৭মহলাত কৰ্মৰত মণিপুৰৰ জুপিতাৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল ৪ দিনৰ পিছত

ইম্ফলৰ জুপিতাৰ য়েমবেম North Towerৰ ১০৭নম্বৰ মহলাৰ Windows on the World নামৰ ৰেষ্টুৰেণ্টত মেনেজাৰ হিচাপে কৰ্মৰত হৈ আছিল। 

ইম্ফলৰ জুপিতাৰ য়েমবেম North Towerৰ ১০৭নম্বৰ মহলাৰ Windows on the World নামৰ ৰেষ্টুৰেণ্টত মেনেজাৰ হিচাপে কৰ্মৰত হৈ আছিল। 

ইম্ফলৰ জুপিতাৰ য়েমবেম North Towerৰ ১০৭নম্বৰ মহলাৰ Windows on the World নামৰ ৰেষ্টুৰেণ্টত মেনেজাৰ হিচাপে কৰ্মৰত হৈ আছিল। 

  • Share this:
৯/১১ৰ সেই অভিশপ্ত দিনটোৱে আজি ২০বছৰ অতিক্ৰম কৰিলে। সমগ্ৰ বিশ্বই টিভিৰ পৰ্দাত পোনপটীয়াকৈ এই বিভীষিকাৰ দৃশ্য প্ৰত্যক্ষ কৰিছিল। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ইতিহাসত সবাতোকৈ বৃহৎ এই  আক্ৰমণত প্ৰাণ হেৰুৱাইছিল মণিপুৰৰ জুপিতাৰ য়েমবেমে। সেই সময়ত য়েমবেম নিউয়ৰ্কৰ North Towerৰ ১০৭ মহলাৰ Windows on the World নামৰ ৰেষ্টুৰেণ্ট খনত প্ৰবন্ধক হিচাপে কৰ্মৰত হৈ আছিল। সেইদিনাও আন দিনাৰ দৰেই ব্যস্ত সময় পাৰ কৰি আছিল য়েমবেমে। বহু হাজাৰ কিলোমিটাৰ নিলগৰ তেওঁৰ গৃহ চহৰ ইম্ফলত তেতিয়া তেওঁৰ ভাতৃ লৱ য়েমবেমে টিভিৰ পৰ্দাত দুখন অভিশপ্ত বিমানে টুইন টাৱাৰ খুন্দা মৰাৰ দৃশ্য চাই আছিল। দেখা পাইছিল আকাশলংঘী অট্টালিকা দুটাৰ পৰা মানুহবোৰে জঁপিয়াই দিয়াৰ সেই মৰ্মান্তিক দৃশ্য। জুপিতাৰ য়েমবেমৰ মৃতদেহো ৪দিনৰ পিছত উদ্ধাৰ হৈছিল ।

য়েমবেমে ১৯৮১ চনত দিল্লীৰ জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ পৰা জাৰ্মান ভাষাত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ উৰা মাৰিছিল। নিউয়ৰ্কৰ এখন বিশ্ববিদ্যালয়ত অৰ্থনীতিৰ উচ্চ শিক্ষা গ্ৰহণ কৰি তেওঁ এই বিশ্ববিখ্যাত ৰেষ্টুৰেণ্টখনত মেনেজাৰৰ পদবীত যোগদান কৰিছিল ।

দিল্লীৰ পৰা প্ৰকাশিত ইংৰাজী দৈনিক ইণ্ডিয়ান এক্সপ্ৰেছত ভাতৃ লৱই জুপিতাৰক স্মৰণ কৰি কয় – “নিউয়ৰ্ক তাৰ কাৰণে খেলপথাৰৰ নিচিনা আছিল। মই যেতিয়া তাৰ ওচৰলৈ যাও সি মোক Windows on the Worldই লৈ গৈ আমাৰ ওপৰেদি পাৰ হৈ যোৱা বিমনাবোৰ দেখুৱাইছিল। সেই স্মৃতি মোৰ মনত এতিয়াও সজীৱ হৈ আছে।“ লৱই লগতে কয়- ২০বছৰ মাৰ্কিন যুক্তৰাষ্ট্ৰত থকাৰ পিছতো তেওঁ ভাৰতীয় পাছপোর্ট ত্যাগ কৰা নাছিল; বিদেশত এজন “Proud Indian” হিচাপেই জীৱন নিৰ্বাহ কৰিছিল ।

২০০১ চনৰ ১১ ছেপ্টেম্বৰৰ দিনা আমেৰিকাৰ চাৰিখন যাত্ৰীবাহী বিমান সন্ত্ৰাসবাদী সংগঠন অল-কায়দাই “হাইজেক” কৰিছিল । তাৰে দুখন বিমানে নিউয়ৰ্কৰ টুইন টাৱাৰত খুন্দা মাৰিছিল; এখন বিমান পেণ্টাগনত পৰিছিল গৈ আৰু চতুৰ্থখন পেনীছিলভেনিয়াৰ এখন পথাৰত পৰিছিল গৈ । এই ঘটনাত ৩০০০লোকৰ মৃত্যু হৈছিল ।

শেহতীয়া বাতৰি