তেলেংগানাত সংঘটিত এটা ঘটনাই এনে কথাকে যেন প্ৰতিফলিত কৰিছে। অভিভাৱকসকলৰ বাবে চিন্তাৰ উদ্ৰেক ঘটোৱা এই ঘটনা অনুসৰি ১০ বছৰৰ তলৰ দুই ভাই-ভনীয়ে তেওঁলোকৰ নিজৰ ঘৰৰ পৰা চাৰি লাখ টকা চুৰ কৰে আৰু ২০ দিনৰ ভিতৰতে বিলাসবহুল জীৱন উদযাপন কৰি সেই টকা শেষ কৰে (Two children steal Rs four lakh from their house)।
তেলেংগানাৰ গ্ৰেটাৰ হায়দৰাবাদ পৌৰ নিগমৰ (GHMC) অধীনৰ জেডিমেটলাত সংঘটিত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জনোৱা অনুসৰি, ৯ বছৰ আৰু ৮ বছৰ বয়সৰ ভাই-ভনী এছ আৰ নায়েক নগৰত বাস কৰা এটা দম্পতীৰ সন্তান।
এমাহ আগতে দম্পতীটোৱে ঘৰৰ আলমাৰীত ৪ লাখ নগদ ধন ৰাখিছিল। ল'ৰা-ছোৱালীহালে সেয়া লক্ষ্য কৰি ওচৰৰ আন দুই ১৪-১৫ বছৰীয়া ভাতৃৰ সৈতে কথাটো পাতিছিল আৰু সকলোৱে মিলি তাৰ পৰা কম পৰিমাণৰ টকা গায়েব কৰাৰ সিদ্ধান্ত লৈছিল।