• Home
  • »
  • News
  • »
  • nation
  • »
  • ছেল্যুট! ৪০ ঘণ্টা এম্বুলেঞ্চ চলাই গুজৰাটৰ পৰা অসমলৈ নশ্বৰদেহ আনিলে দুই চালকে

ছেল্যুট! ৪০ ঘণ্টা এম্বুলেঞ্চ চলাই গুজৰাটৰ পৰা অসমলৈ নশ্বৰদেহ আনিলে দুই চালকে

নীলেশ চাদ্দা আৰু হীৰেন দাবে নামৰ চালক দুজনে ৪০ ঘণ্টা গাড়ী চলাই উপস্থিত হৈছিল অসমত।

নীলেশ চাদ্দা আৰু হীৰেন দাবে নামৰ চালক দুজনে ৪০ ঘণ্টা গাড়ী চলাই উপস্থিত হৈছিল অসমত।

নীলেশ চাদ্দা আৰু হীৰেন দাবে নামৰ চালক দুজনে ৪০ ঘণ্টা গাড়ী চলাই উপস্থিত হৈছিল অসমত।

  • Share this:
সমগ্ৰ দেশত এতিয়া কোৰোণা মহামাৰীৰ বাবে লকডাউন। স্তব্ধ হৈ পৰিছে স্বাভাৱিক জনজীৱন। সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে সকলো ধৰণৰ যাতায়াত ব্যৱস্থা। কোৰোণা ভাইৰাছত শিকলিডাল চিঙিবৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰসমূহেও চলাইছে যৎপৰোনাস্তি চেষ্টা। অত্যাৱশ্যকীয় সেৱাসমূহৰ বাদে দেশত সকলো বন্ধ।

এনে সময়তে গুজৰাট চৰকাৰৰ লগতে দুই চালকে দেখুৱালে মানৱীয়তাৰ নিদৰ্শন। গুজৰাটত থকাৰ সময়ত মৃত্যু হৈছিল অসমৰ ৰাহুল বৰ্মন নামৰ এজন যুৱকৰ। যুৱকজনৰ ঘৰ বাক্সা জিলাত। অৱশ্যে কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা নাছিল যুৱকজনৰ। যুৱকজনৰ মৃত্যুৰ পিছতে নশ্বৰদেহ অসমলৈ অনাক লৈ চিন্তিত হৈ পৰিছিল পৰিয়ালৰ লোক। লকডাউনৰ সময়ত সুদূৰ গুজৰাটৰ পৰা কিদৰে আনিব নশ্বৰদেহ?

এই সন্দৰ্ভত অসম চৰকাৰে যোগাযোগ কৰিছিল গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপাণীৰ সৈতে। টুইটাৰযোগে বিজয় ৰূপাণীক অনুৰোধ জনোৱা হৈছিল, যুৱকজনৰ নশ্বৰদেহ অসমলৈ পঠিওৱাৰ ব্যৱস্থা কৰিব পাৰি নেকি? অসম চৰকাৰৰ অনুৰোধত লকডাউনৰ সময়তো মানৱীয়তাৰ দৃষ্টিৰে বিষয়টোত হস্তক্ষেপ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। যুৱকজনৰ নশ্বৰদেহ অসমলৈ প্ৰেৰণৰ বাবে ব্যৱস্থা কৰিলে এখন এম্বুলেঞ্চৰ।

নীলেশ চাদ্দা আৰু হীৰেন দাবে নামৰ চালক দুজনে ৪০ ঘণ্টা গাড়ী চলাই উপস্থিত হৈছিল অসমত। বাক্সাত উপস্থিত হৈ যুৱকজনৰ নশ্বৰদেহ পৰিয়ালক চমজাই দিয়ে। তাৰ পিছতে চালক দুজনে সাক্ষাৎ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। অসম চৰকাৰৰ ফালৰ পৰা চালক দুজনক জনোৱা হয় সম্বৰ্ধনা।

সংকটৰ সময়ত এই মহানতাৰ পৰিচয় দিয়া বাবে চালক দুজনক ধন্যবাদ জনায় হিমন্ত বিশ্ব শৰ্মাই। গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপাণীকো ধন্যবাদ জনালে অসমৰ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে। আজি সংবাদমেলত এই কথা উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই। ছচিয়েল মিডিয়াতো হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে এই কথা।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি