মঙলবাৰে কুৰুং কুমে জিলাৰ ক’ল’ৰিয়াং আৰক্ষীয়ে অসমৰ পৰা ১৯ জন শ্ৰমিকক অৰুণাচললৈ আনি প্ৰতাৰণা কৰাৰ অভিযোগত ৰোহম আলী নামৰ উপ ঠিকাদাৰ এজনক গ্ৰেপ্তাৰ কৰে, যিজন উপ-ঠিকাদাৰে ১৯ জন শ্ৰমিকক ডামিনলৈ বি আৰ অ’ পথ নিৰ্মাণৰ বাবে আনিছিল আৰু পিছত পলায়ন কৰিছিল ।
বৰ্তমান আলী ৫ দিনৰ বাবে ক’ল’ৰিয়াঙত আৰক্ষীৰ জিম্মাত আছে। বৃহস্পতিবাৰে তেওঁক দণ্ডাধীশৰ আগত হাজিৰ কৰোৱা হয়।
NEWS18ৰ সৈতে হোৱা কথা-বতৰাত ক’ল’ৰিয়াং আৰক্ষী থানাৰ অ’চি গিজুম বাছাৰে জনোৱা মতে, আলীক পূব চিয়াং জিলাৰ পাচিঘাটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে, য’ত তেওঁ কল’ৰিয়াঙৰ পৰা পলায়ন কৰি স্থানীয় এজন ব্যক্তিৰ অধীনত কাম কৰি আছিল।
শ্ৰমিক সকলৰ বাবে খাদ্যসামগ্ৰী ক্ৰয়ৰ বাবে ঠিকাদাৰৰ পৰা আলীয়ে ২,৫০,০০০ টকা আগধন লৈছিল বুলিও অ’চিগৰাকীয়ে অৱগত কৰে।
মঙলবাৰে আন এজন ঠিকাদাৰ বেংগীয়া তানীকো শূন্যত গুলীচালনা কৰি শ্ৰমিকসকলক পলায়ন কৰাৰ দিনটোৰ পূৰ্বে ভাবুকি দিয়াৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে বুলিও অ’চিগৰাকীয়ে জানিবলৈ দিয়ে।
তানিক বৰ্তমান বেইল দিয়া হৈছে আৰু Covid-19 পজিটিভ হোৱাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। লগতে এটা ভাৰতত নিৰ্মিত পিষ্টল জব্দ কৰা হৈছে বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে ।
আলীৰ বিৰুদ্ধে ৪২০ আৰু ৪০৬ ধাৰাত গোচৰ ৰুজু কৰাৰ বিপৰীতে তানিৰ বিৰুদ্ধে আই পি চিৰ ৩৪১ আৰু ৫০৬ ধাৰাত গোচৰ ৰুজু কৰা হৈছে বুলিও আৰক্ষীয়ে নিশ্চিত কৰিছে।
পলাতক হৈ থকা ৰিহাজুল হক নামৰ বঙাইগাঁওৰ আন এজন উপ-ঠিকাদাৰৰ সন্ধান পোৱা নাই বুলি জনাইছে আৰক্ষীয়ে ।
১৯ জন বি আৰ অ’ শ্ৰমিকৰ ভিতৰত ১০ জন জীৱিত আৰু উদ্ধাৰ কৰা হৈছে, আনহাতে পাঁচজনৰ মৃতদেহ পচি যোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে আৰু এজন ফুৰাক নদীত উটি যায়। বাকী তিনিজন শ্ৰমিক এতিয়াও সন্ধানহীন হৈ আছে আৰু তেওঁলোকৰ অৱস্থান জানিব পৰা হোৱা নাই।
উল্লেখযোগ্য যে জিলা প্ৰশাসনে সন্ধানহীন হৈ থকা বাকী শ্ৰমিককেইজনক বিচাৰি নোপোৱাত অনুসন্ধান আৰু উদ্ধাৰ অভিযান ১ আগষ্টত বাতিল কৰাৰ কথা ঘোষণা কৰে ।
উল্লেখ্য, ৫ জুলাইত শ্ৰমিককেইজন নিৰুদ্দেশ হৈছিল আৰু ১৩ জুলাইত সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|