‍বিৰাট নে ৰাহুল? ICC–এ ‘ৰজা কোহলী’ৰ সন্মানত দিয়া ছবিক লৈ টুইটাৰ দোমোজাত

এই অংকিত ছবিত বিৰাট কোহলী এখন সিংহাসনত বহি আছে, ৰজাৰ দৰে বিৰাটে পৰিধান কৰিছে ৰাজকীয় সাজ য’ত আছে আইচিচিৰ লগ’ আৰু এটা মুকুট। হাতত আছে বেট আৰু বল।

news18
Updated:June 5, 2019, 5:55 PM IST
‍বিৰাট নে ৰাহুল? ICC–এ ‘ৰজা কোহলী’ৰ সন্মানত দিয়া ছবিক লৈ টুইটাৰ দোমোজাত
এই অংকিত ছবিত বিৰাট কোহলী এখন সিংহাসনত বহি আছে, ৰজাৰ দৰে বিৰাটে পৰিধান কৰিছে ৰাজকীয় সাজ য’ত আছে আইচিচিৰ লগ’ আৰু এটা মুকুট। হাতত আছে বেট আৰু বল।
news18
Updated: June 5, 2019, 5:55 PM IST
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিশ্বকাপৰ প্ৰথমখন মেচ খেলাৰ প্ৰাকক্ষণত আইচিচিয়ে ভাৰতীয় অধিনায়কগৰাকীক কিছু সন্মান দিবৰ কাৰণে এখন বিশেষ ছবি টুইটাৰত আপলোড কৰে। ছাউথ হেম্পটনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বহু প্ৰতিক্ষিত খেলৰ পূৰ্বে কোহলীৰ এই অংকিত ছবিৰে ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ মন জয় কৰাৰ চেষ্টা চলায় ICC–এ।

এই অংকিত ছবিত বিৰাট কোহলী এখন সিংহাসনত বহি আছে, ৰজাৰ দৰে বিৰাটে পৰিধান কৰিছে ৰাজকীয় সাজ য’ত আছে আইচিচিৰ লগ’ আৰু এটা মুকুট। হাতত আছে বেট আৰু বল। গ্ৰাফিক্সৰ সহায়ত অংকন কৰা ছবিখনত ভাৰতীয় অধিনায়কজন অতি আত্মবিশ্বাসী যেন দেখা গৈছে। ছবিখনত ভাৰতীয় অধিনায়কজন যে এদিনীয়া ৰেংকিঙত এক নম্বৰ সেই কথাও সন্নিবিষ্ট কৰা হৈছে।



ছবিখনত ভাৰতে কিমানবাৰ বিশ্বকাপ জয় কৰিছে সেয়াও সন্নিবিষ্ট কৰা হৈছে। কিন্তু এই আকৰ্ষণীয় ছবিখনক লৈ দোমোজাত পৰিল ভাৰতীয় টুইটাৰিটি।

একাংশ অনুৰাগীয়ে আইচিচিৰ এই পদক্ষেপ আদৰণীয় বুলি অভিহিত কৰিলেও একাংশই মত প্ৰকাশ কৰিলে যে ছবিখনত বিৰাটৰ চেহেৰা সঠিক ৰূপত ফুটি উঠা নাই। কিছুমানৰ মতে বিৰাট কোহলীতকৈ ছবিত থকা ব্যক্তিজনক কে এল ৰাহুলৰ দৰেহে লাগিছে।





 

 
আৰু চাওক পৰৱৰ্তী বাতৰি