মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»Twitter Action on Congress Account: টুইটাৰে ছাছপেণ্ড কৰিলে ২৩গৰাকী কংগ্ৰেছ নেতাৰ একাউণ্ট, দলৰ ৭টা হেণ্ডেলৰ ওপৰতো ব্যৱস্থা

Twitter Action on Congress Account: টুইটাৰে ছাছপেণ্ড কৰিলে ২৩গৰাকী কংগ্ৰেছ নেতাৰ একাউণ্ট, দলৰ ৭টা হেণ্ডেলৰ ওপৰতো ব্যৱস্থা

News18 Assam | News18-Assam
Updated:August 13, 2021, 9:21 AM IST
Twitter Action on Congress Account: টুইটাৰে ছাছপেণ্ড কৰিলে ২৩গৰাকী কংগ্ৰেছ নেতাৰ একাউণ্ট, দলৰ ৭টা হেণ্ডেলৰ ওপৰতো ব্যৱস্থা
টুইটাৰৰ এগৰাকী মুখপাত্ৰৰ মতে, এই একাউণ্টসমূহৰ ওপৰত এইবাবেই ব্যৱস্থা লোৱা হৈছে, কিয়নো তেওঁলোকে টুইটাৰৰ নিয়ম উলংঘা কৰিছে।

টুইটাৰৰ এগৰাকী মুখপাত্ৰৰ মতে, এই একাউণ্টসমূহৰ ওপৰত এইবাবেই ব্যৱস্থা লোৱা হৈছে, কিয়নো তেওঁলোকে টুইটাৰৰ নিয়ম উলংঘা কৰিছে।

  • Share this:
কংগ্ৰেছে বৃহস্পতিবাৰে কয় যে প্ৰায় ২৩জন নেতাৰ টুইটাৰ একাউণ্ট ছাছপেণ্ড কৰা হৈছে। ইয়াৰ ভিতৰত ৰাহুল গান্ধীৰ টুইটাৰ হেণ্ডেলো আছে। ইয়াৰ উপৰি কংগ্ৰেছৰ পাৰ্টীৰ সৈতে জড়িত ৭টা একাউণ্টৰ ওপৰত্য ব্যৱস্থা লোৱা হৈছে। ইয়াৰ ভিতৰত দলৰ জ্যেষ্ঠ নেতা কে চি বেণুগোপাল, ৰণদীপ সুৰজেৱালা আৰু দলৰ ছচিয়েল মিডিয়া প্ৰমুখ ৰোহণ গুপ্তাও আছে। ইয়াৰ উপৰি মহাৰাষ্ট্ৰ, গুজৰাট, ৰাজস্থান আৰু তামিলনাডুৰ নেতাৰ টুইটাৰ হেণ্ডেলৰ ওপৰতো ব্যৱস্থা লোৱা হৈছে।

টুইটাৰৰ এগৰাকী মুখপাত্ৰৰ মতে, এই একাউণ্টসমূহৰ ওপৰত এইবাবেই ব্যৱস্থা লোৱা হৈছে, কিয়নো তেওঁলোকে টুইটাৰৰ নিয়ম উলংঘা কৰিছে। তেওঁ লগতে কয় যে আপত্তিজনক কণ্টেণ্ট আঁতৰোৱাৰ পিছত এই একাউণ্টসমূহ পুনৰ আৰম্ভ কৰি দিয়া হ’ব।

উল্লেখযোগ্য যে যিসমূহ টুইটাৰ হেণ্ডেল ছাছপেণ্ড কৰা হৈছে, সেইসমূহত এনেকুৱা পৰিয়ালৰ ফটো শ্বেয়াৰ কৰা হৈছিল, যাৰ শিশুৰ যৌন উৎপীড়নত মৃত্যু হৈছিল। উল্লেখযোগ্য যে বিগত সপ্তাহত ৰাষ্ট্ৰীয় ৰাজধানীত এগৰাকী ৯ বছৰীয়া দলিত শিশুক বলাৎকাৰৰ পিছত হত্যা কৰা হৈছিল।
Published by: Sanjay Kumar Das
First published: August 13, 2021, 9:18 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি