ভাৰতত তুংগত উঠিছে চৰকাৰ আৰু টুইটাৰ (Twitter)ৰ সংঘাত। দেশৰ নতুন আইটি নীতি (IT Policy) মানি চলিবলৈ টুইটাৰে আপত্তি কৰাৰ পাছতেই কেন্দ্ৰীয় চৰকাৰেও দিছে কঠোৰ সকীয়নি। কিন্তু তাৰ পাছতেই টুইটাৰে শনিবাৰে কিছু আপত্তিজনক কাম-কাজ কৰিব ধৰাত দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।
উপৰাষ্ট্ৰপতি ভেংকয়া নাইডু আৰু আৰএছএছ (RSS) প্ৰধান মোহন ভাগৱতৰ টুইটাৰ হেণ্ডেলৰ নীলা চিন (Blue Tick) আতৰাই দিছিল টুইটাৰে।ইয়াকে লৈ ছচিয়েল মিডিয়াত তুমুল প্ৰতিক্ৰিয়া হোৱাত নীলা চিন পুনৰ বাহাল কৰিছিল।
টুইটাৰৰ এনে টোগলকী কাৰবাৰৰ পাছতেই টুইটাৰক ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈতে তুলনা কৰিলে ভিএইছপি (VHP)ৰ এজন নেতাই।
VHP নেতা বিনোদ বানছালে কয়, "টুইটাৰে ইষ্ট ইণ্ডিয়া কোম্পানীৰ দৰে আচৰণ কৰিছে। আমাৰ পৰাই মুনাফা লুটে আৰু একে সময়তে ভাৰতৰ আইনক প্ৰত্যাহ্বান জনাই ভাৰত টোড়ো (break India) গেঙক সহযোগিতা কৰে। ই ৰাষ্ট্ৰীয়তাবাদীসকলৰ নীলা চিন প্ৰত্যাহাৰ কৰে আৰু আইন উলংঘাকাৰী সকলক অনুমতি দিয়ে।"
টুইটাৰ টুলকিট ব্যৱহাৰ কৰি কংগ্ৰেছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ ষড়যন্ত্ৰ কৰাৰ গোন্ধ পাইছে বিজেপিয়ে। বিগত কেইদিনমনত এই অভিযোগ কৰি কংগ্ৰেছক থকা-সৰকা কৰিছে বিজেপিয়ে।তাৰ পিছতে টুইটাৰৰ এনে স্বেচ্ছাচাৰী কাণ্ডত হৈছে প্ৰতিক্ৰিয়া।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|