চাৰ্জত দিয়া আছিল ম’বাইল, প্ৰচণ্ড বিস্ফোৰণ ঘটি মৃত্যু ১২ বছৰীয়া কিশোৰৰ

ততালিকে গুৰুতৰভাৱে আহত লক্ষ্মণক হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

news18assam
Updated:June 6, 2019, 4:04 PM IST
চাৰ্জত দিয়া আছিল ম’বাইল, প্ৰচণ্ড বিস্ফোৰণ ঘটি মৃত্যু ১২ বছৰীয়া কিশোৰৰ
সাংকেতিক ছবি
news18assam
Updated: June 6, 2019, 4:04 PM IST
চাৰ্জত লগোৱা আছিল ম’বাইলটো। কাষতে আছিল ১২ বছৰীয়া লক্ষ্মণ। হঠাৎ এটা প্ৰচণ্ড শব্দ। ম’বাইলটো বিস্ফোৰণ ঘটি টুকুৰা–টুকুৰ হৈ পৰিল। ছিন্ন–ভিন্ন হৈ পৰিল কিশোৰটিৰ অংগ–প্ৰত্যংগ। এই ঘটনাটো সংঘটিত হৈছে মধ্য প্ৰদেশৰ ধাৰ জিলাত। ভুবনেশ্বৰৰ পৰা ১০ কিলোমিটাৰ নিলগৰ ধাৰ জিলাৰ লিখেডি গাঁৱত এই ভয়ংকৰ ঘটনাটো সংঘটিত হয়।

লক্ষ্মণৰ পিতৃ বাবা নন্দু সিংগাৰে জনায়, বিস্ফোৰণেৰ শব্দ ঘৰৰ সকলো দৌৰি আহিছিল। লক্ষ্মণেৰ ককাকে প্ৰথমে ঘৰত সোমাই লক্ষ্মণক সেই অৱস্থাত প্ৰত্যক্ষ কৰে। লগে লগে দৌৰি আহে ওচৰ–চুবুৰীয়াও। ততালিকে গুৰুতৰভাৱে আহত লক্ষ্মণক হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি