গুৰুগ্ৰামৰ এগৰাকী লোকে প্ৰহাৰ কৰিলে ৬গৰাকী ওচৰ চুবুৰীয়াক। পিছে কাৰণ জানিলে আচৰিত হব আপুনি! পোহনীয়া টমি নামৰ কুকুৰটোক 'কুকুৰ' বুলি মতাৰ বাবে মালিকে মহিলা, শিশুসহ ঘৰৰ ওচৰৰ ৬জন লোকক বেয়াকৈ প্ৰহাৰ কৰে।
এই ঘটনাটো সংঘটিত হৈছে গুৰুগ্ৰামৰ জ্যোতি পাৰ্কত। স্থানীয় লোকে কোৱা মতে, কুকুৰটো অত্যন্ত হিংসুক। সন্মুখেৰে কোনো লোক পাৰ লৈ গ'লেই অশান্তি কৰে কুকুৰটোৱে। গতিকে ওচৰ চুবুৰীয়াই মালিকক কুকুৰটো বান্ধি থবলৈ পৰামৰ্শ দিয়ে। আৰু সেই কথাতে খং উঠে কুকুৰটোৰ মালিকৰ। আৰু 'টমিক কিয় কুকুৰ বুলি ক'ব' বুলি জাঙুৰ খাই উঠাৰ লগতে প্ৰহাৰ কৰে চুবুৰীয়া লোককেইজনক।
ইতিমধ্যে এই ঘটনাৰ সন্দৰ্ভত ভাইৰেল হৈছে এটা ভিডিও। ভিডিওটোত দেখা গৈছে যে, কুকুৰৰ গৰাকীজনে তেওঁৰ চুবুৰীয়াসকলক লাঠি আৰু ৰ'ডেৰে আক্ৰমণ কৰিছে। সুধীৰে নামৰ লোকজনে এতিয়া ঘটনাৰ সন্দৰ্ভত গুৰুগ্ৰামৰ এখন আৰক্ষী চকীত অভিযোগ দাখিল কৰিছে। আৰু আৰক্ষীয়েও ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
ইয়াৰ পূৰ্বেও কুকুৰটোক কেন্দ্ৰ কৰি কাজিয়াত লিপ্ত হৈছিল গৰাকী। যোৱা মাৰ্চ মাহত গুৰুগ্ৰামৰ এটা তিনিজনীয়া আৱাসিক পৰিয়ালক নিজৰ গাড়ীত বন্দী কৰি ৰাখিছিল কুকুৰটোৰগৰাকীয়ে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : May 12, 2021, 12:38 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।