সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী হ’ল গৰ্ভৱতী, সহ অভিনেতাৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ

News18-Assam
Updated:November 17, 2019, 3:43 PM IST
সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী হ’ল গৰ্ভৱতী, সহ অভিনেতাৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ
প্ৰথমে বিয়াৰ কৰোৱাৰ প্ৰলোভন দেখুৱাই শাৰীৰিক সম্পৰ্ক স্থাপন, পিছত বিশ্বাসঘাটকতা কৰি উপৰ্যুপৰি ধৰ্ষণ

প্ৰথমে বিয়াৰ কৰোৱাৰ প্ৰলোভন দেখুৱাই শাৰীৰিক সম্পৰ্ক স্থাপন, পিছত বিশ্বাসঘাটকতা কৰি উপৰ্যুপৰি ধৰ্ষণ

  • Share this:
‘কাহিনী ঘৰ –ঘৰ কি’, ‘দেশ ম্যে নিকলা হোগা চান্দ’, আৰু ‘নাচ বলীয়ে’ত অভিনয় কৰা এগৰাকী সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰীয়ে সহ অভিনেতাৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ তুলি আৰক্ষীৰ কাষ চাপিছে। অভিনেত্ৰীগৰাকীয়ে কয় যে, অভিযুক্ত অভিনেতাজনে অভিনেত্ৰীগৰাকীক বিয়া কৰোৱাৰ প্ৰলোভন দেখুৱাই শাৰীৰিক সম্পৰ্ক স্থাপন কৰে। কিন্তু পিছত অভিনেত্ৰীগৰাকীয়ে  বিয়া কৰোৱাৰ কথা কোৱাত ধৰ্ষণ কৰে অভিনেতাজনে। এতিয়া গৰ্ভৱতী অভিনেত্ৰীগৰাকীয়ে যমুনানগৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।

চিৰিয়েলৰ শ্বুটিঙৰ সময়ত বিয়াৰ প্ৰলোভন দেখুৱাই  অভিনেত্ৰীগৰাকীক এখন হোটেললৈ লৈ গৈ শাৰীৰিক সম্পৰ্ক স্থাপন কৰে অভিনেতাজনে। অভিনেত্ৰীগৰাকীয়ে আৰক্ষীৰ কাষ চপাৰ পিছত এতিয়া আৰক্ষীয়ে অভিনেতাজননৰ ঘৰৰ মানুহক সোধা–পোচা কৰিছে। কিন্তু এতিয়াও পলাতক অৱস্থাতে আছে অভিনেতাজন।
আৰু চাওক
পৰৱৰ্তী বাতৰি