টিভি সাংবাদিক ৰোহিত ছৰদানাৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু, কোৰোণাতো হৈছিল আক্ৰান্ত

News18 Assam | News18-Assam
Updated:April 30, 2021, 3:01 PM IST
টিভি সাংবাদিক ৰোহিত ছৰদানাৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু, কোৰোণাতো হৈছিল আক্ৰান্ত
ৰোহিত ছৰদানাই নিজেই টুইট কৰি কোৰোণাত আক্ৰান্ত হোৱাৰ কথা কৈছিল।

ৰোহিত ছৰদানাই নিজেই টুইট কৰি কোৰোণাত আক্ৰান্ত হোৱাৰ কথা কৈছিল।

  • Share this:
পৰিচিত টিভি সাংবাদিক ৰোহিত ছৰদানাৰ শুকুৰবাৰে মৃত্যু হয়। কিছুদিন ধৰি কোৰোণাত আক্ৰান্ত হৈ আছিল সাংবাদিকগৰাকী। তেতিয়াৰে পৰা হোম আইছ’লেচনত আছিল। জানিব পৰা মতে, আজি পুৱা তেওঁৰ মৃত্যু হয়। মৃত্যুৰ কাৰণ হাৰ্ট এটেক বুলি কোৱা হৈছে। ছৰদানাৰ মৃত্যুত News18 Indiaৰ এংকৰ আৰু সাংবাদিক অমিশ দেৱগনে টুইট কৰিছে। তেওঁ লিখিছে, ‘‘মোৰ বন্ধু সাংবাদিক ৰোহিত ছৰদানাৰ মৃত্যুৰ খবৰ শুনি স্তব্ধ হৈ পৰিছো। মহাদেৱে নিজৰ চৰণত ঠাই দিয়ক।’

ৰোহিত ছৰদানাই নিজেই টুইট কৰি কোৰোণাত আক্ৰান্ত হোৱাৰ কথা কৈছিল। ২৪ এপ্ৰিলত তেওঁ টুইট কৰিছিল, ‘‘এসপ্তাহ পূৰ্বে জ্বৰ আৰু বাকী লক্ষণ দেখা দিয়াত টেষ্ট কৰাইছিলো। আৰটিপিচিআৰ নিগেটিভ আহিছিল, কিন্তু চিটিস্কেনৰ দ্বাৰা কোভিড নিশ্চিত হৈছিল। এতিয়া স্বাস্থ্য আগতকৈ ভাল। আপোনালোকে সকলোৱে নিজৰ আৰু পৰিয়ালৰ যতন ৰাখক।’



জ্যেষ্ঠ সাংবাদিক ৰাজদীপ ছৰদেশাইয়ে ৰোহিত ছৰদানাৰ মৃত্যুৰ কথা সদৰি কৰিছে। তেওঁ টুইটাৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয়, ‘‘বন্ধুসকল বহুত দুখৰ খবৰ। প্ৰখ্যাত টিভি নিউজ এংকৰ ৰোহিত ছৰদানাৰ দেহাৱসান ঘটিছে। তেওঁৰ আজি পুৱা হাৰ্ট এটেক হয়। তেওঁৰ পৰিয়াললৈ গভীৰ সমবেদনা।’



জ্যেষ্ঠ সাংবাদিক সুধীৰ চৌধুৰীয়েও ছৰদানাৰ মৃত্যুত টুইট কৰি কয় যে কিছু সময় পূৰ্বে জিতেন্দ্ৰ শৰ্মাৰ ফোন আহিছিল। তেওঁ যি ক’লে সেয়া শুনি মোৰ হাত কঁপিবলৈ ধৰিছিল। আমাৰ বন্ধু আৰু সহযোগী ৰোহিত ছৰদানাৰ মৃত্যুৰ খবৰ আছিল। এই ভাইৰাছে আমাৰ ইমান আত্মীয় কাৰোবাক লৈ যাব সেয়া কল্পনাই কৰা নাছিলো।



দীৰ্ঘদিন ধৰি টিভি মিডিয়াৰ চিনাকি ৰোহিত ছৰদানাই ‘আজ টক’ নিউজৰ চেনেলত প্ৰচাৰিত হোৱা ‘দংগল’ত এংকৰিং কৰিছিল। ২০১৮ চনত ৰোহিত ছৰদানাক গণেশ শংকৰ বিদ্যাৰ্থী পুৰস্কাৰ প্ৰদান কৰা হৈছিল।

Published by: Sanjay Kumar Das
First published: April 30, 2021, 3:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি