হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে টেলিভিশ্যন সাংবাদিক ৰোহিত সৰডানাই, দেহত ধৰা পৰিছিল কোৰোণাৰো অৱস্থিতি

News18 Assam | News18-Assam
Updated:April 30, 2021, 2:36 PM IST
হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে টেলিভিশ্যন সাংবাদিক ৰোহিত সৰডানাই, দেহত ধৰা পৰিছিল কোৰোণাৰো অৱস্থিতি
দীৰ্ঘ সময় ধৰি টেলিভিশ্যন মিডিয়াৰ সৈতে জড়িত থকা ৰোহিত সৰডানা শেহতীয়াকৈ আজ টক নিউজ চেনেলত সম্প্ৰচাৰিত দংগল নামৰ শ্বটোৰ সঞ্চালক আছিল।

দীৰ্ঘ সময় ধৰি টেলিভিশ্যন মিডিয়াৰ সৈতে জড়িত থকা ৰোহিত সৰডানা শেহতীয়াকৈ আজ টক নিউজ চেনেলত সম্প্ৰচাৰিত দংগল নামৰ শ্বটোৰ সঞ্চালক আছিল।

  • Share this:
দেশৰ বিশিষ্ট সাংবাদিক ৰোহিত সৰডানাই শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে। কিছুদিন ধৰি কোৰোণাত আক্ৰান্ত হৈ আছিল সাংবাদিকগৰাকী। কোৰোণাত আক্ৰান্ত হোৱাৰ পিছতে ৰোহিত সৰডানা হোম আইছলেশ্যনত আছিল।

জানিব পৰা মতে, তেওঁ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু সাৱটিলে। ২৪ এপ্ৰিলত সাংবাদিকগৰাকীয়ে টুইট কৰিছিল যে, 'এসপ্তাহ পূৰ্বে দেহত জ্বৰ আৰু কোৰোণাৰ বাকী লক্ষণে দেখা দিয়াত ষ্টেট কৰাইছিলো। RTPCRত কোৰোণা নিগেটিভ আহিছিল যদিও CTScan কৰাৰ পিছত দেহত কোৰোণাৰ সংক্ৰমণ ধৰা পৰে। এতিয়া অৱস্থা আগতকৈ কিছু ভাল। আপোনালোক সকলোৱে নিজৰ লগতে পৰিয়ালৰ কেয়াৰ লওক।'

দীৰ্ঘ সময় ধৰি টেলিভিশ্যন মিডিয়াৰ সৈতে জড়িত থকা ৰোহিত সৰডানা শেহতীয়াকৈ আজ টক নিউজ চেনেলত সম্প্ৰচাৰিত দংগল নামৰ শ্বটোৰ সঞ্চালক আছিল। চিনিয়ৰ জাৰ্ণেলিষ্ট ৰাজদ্বীপ সৰদেশাইয়ে ৰোহিত সৰডানাই মৃত্যুক সাৱটি লোৱাৰ কথা জনায়। বিশিষ্ট সাংবাদিকগৰাকীৰ মৃত্যুত দেশৰ সংবাদ জগতত গভীৰ শোকৰ ছাঁ পৰিছে।
Published by: Himangshu Bhuyan
First published: April 30, 2021, 2:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি