প্ৰাক্তন প্ৰেমিকক মৰিয়াই মৰিয়াই হত্যা কৰিলে অভিনেত্ৰীয়ে, ঠিকনা ৰঙাঘৰ

News18 Assam | News18-Assam
Updated:December 31, 2019, 6:12 PM IST
প্ৰাক্তন প্ৰেমিকক মৰিয়াই মৰিয়াই হত্যা কৰিলে অভিনেত্ৰীয়ে, ঠিকনা ৰঙাঘৰ
Photo : livehindustan.com

আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ পিছতে আত্মসমৰ্পণ কৰে অভিনেত্ৰীগৰাকীয়ে।

  • Share this:
এগৰাকী ৪২ বছৰীয়া টিভি অভিনেত্ৰীয়ে মৰিয়াই হত্যা কৰিলে প্ৰাক্তন প্ৰেমিকক। নিজৰ ভগ্নীৰ ঘৰত লাঠি আৰু হাতুৰীৰে মৰিয়াই হত্যা কৰে প্ৰাক্তন প্ৰেমিকক। এই লোমহৰ্ষক ঘটনাটো চেন্নাইৰ। হত্যাকাৰী অভিনেত্ৰীগৰাকীৰ নাম এছ দেৱী। হত্যাকাণ্ডৰ কথা আৰক্ষীৰ আগত স্বীকাৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে। অভিনেত্ৰীগৰাকীৰ লগতে স্বীমা বি শংকৰকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

টাইমছ অৱ ইণ্ডিয়াৰ ৰিপ’ৰ্ট অনুসৰি, প্ৰাক্তন প্ৰেমিকে পুনৰ সম্পৰ্ক আৰম্ভ কৰাৰ বাবে জোৰ কৰি থকাৰ বাবেই অভিনেত্ৰীগৰাকীয়ে হত্যা কৰে এম ৰবি নামৰ যুৱকজনক। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ পিছতে আত্মসমৰ্পণ কৰে অভিনেত্ৰীগৰাকীয়ে। আৰক্ষীয়ে এছ দেৱীৰ লগতে স্বামী বি শংকৰ, ভগ্নী এছ লক্ষ্মী আৰু এছ লক্ষ্মীৰ স্বামী সাৱৰিয়াৰকো গ্ৰেপ্তাৰ কৰিছে। আদালতে আটাইকে জ’ললৈ প্ৰেৰণ কৰিছে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি