মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»Birthday Special: McDonaldsত প্ৰথমে স্মৃতি ইৰাণীয়ে কৰিছিল এই কাম, মসৃণ নাছিল মডেলিঙৰ পৰা ৰাজনৈতিক যাত্ৰা ! জন্মদিনত জানক স্মৃতিৰ জীৱন কাহিনী

Birthday Special: McDonaldsত প্ৰথমে স্মৃতি ইৰাণীয়ে কৰিছিল এই কাম, মসৃণ নাছিল মডেলিঙৰ পৰা ৰাজনৈতিক যাত্ৰা ! জন্মদিনত জানক স্মৃতিৰ জীৱন কাহিনী

News18 Assam | News18-Assam
Updated:March 31, 2021, 2:09 PM IST
Birthday Special: McDonaldsত প্ৰথমে স্মৃতি ইৰাণীয়ে কৰিছিল এই কাম, মসৃণ নাছিল মডেলিঙৰ পৰা ৰাজনৈতিক যাত্ৰা ! জন্মদিনত জানক স্মৃতিৰ জীৱন কাহিনী
মডেলিঙৰ পৰা অভিনেত্ৰী আৰু পাচত ৰাজনীতিত ভৰি থৈ মন্ত্ৰী হোৱা স্মৃতি ইৰাণীয়ে আজি ভৰি দিলে ৪৫ বছৰত ৷ যদিও খুব কম লোকেই জানে যে মডেলিং জগতলৈ অহাৰ পূৰ্বে তেওঁ McDonaldsত কাম কৰিছিল ।

মডেলিঙৰ পৰা অভিনেত্ৰী আৰু পাচত ৰাজনীতিত ভৰি থৈ মন্ত্ৰী হোৱা স্মৃতি ইৰাণীয়ে আজি ভৰি দিলে ৪৫ বছৰত ৷ যদিও খুব কম লোকেই জানে যে মডেলিং জগতলৈ অহাৰ পূৰ্বে তেওঁ McDonaldsত কাম কৰিছিল ।

  • Share this:
বহু বছৰ ধৰি টিভিত আটাইতকৈ প্ৰিয় বোৱাৰী তুলসী বীৰানী হৈ সকলোৰে অন্তৰ জয় কৰিবলৈ সক্ষম হোৱা অভিনেত্ৰী তথা আজিৰ ৰাজনৈতিক নেত্ৰী স্মৃতি ইৰাণীয়ে তেওঁৰ ৪৫ তম জন্মদিন উদযাপন কৰি আছে। মডেলিঙৰ পৰা অভিনয় আৰু অভিনেত্ৰীৰ পৰা মন্ত্ৰী হোৱালৈ এক দীঘলীয়া যাত্ৰা অতিক্ৰম কৰিছে স্মৃতি ইৰাণীয়ে । বৰ্তমানে তেওঁ মোডী চৰকাৰৰ বস্ত্ৰ, মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয় পৰিচালনা কৰি আছে ।

১৯৭৬ চনৰ ২৩ মাৰ্চত দিল্লীত জন্ম লাভ কৰা স্মৃতি ইৰাণী হৈছে ৩গৰাকী ভগ্নীৰ ভিতৰত আটাইতকৈ ডাঙৰ । দ্বাদশ শ্ৰেণীলৈকে অধ্যয়ন কৰাৰ পিছত স্মৃতিয়ে দিল্লী বিশ্ববিদ্যালয়ৰ স্কুল অফ লাৰ্নিঙত নামভৰ্তি কৰিছিল। ১৯৯৮ চনত স্মৃতিয়ে মিছ ইণ্ডিয়া প্ৰতিযোগিতাৰ ফাইনেলিষ্টত স্থান লাভ কৰে। সেই বছৰতে তেওঁক মীখা সিঙৰ এটা গীতৰ এলবামৰ" চাৱান মে লগ গই আগ" গানটোত দেখিবলৈ পোৱা গৈছিল । মডেলিঙৰ পাচতে এগৰাকী সফল অভিনেত্ৰী আৰু ৰাজনৈতিক নেত্ৰী হোৱাৰ পূৰ্বে যে তেওঁ McDonaldsত কাম কৰিছিল সেয়া খুব কম লোকেহে জানে ৷

টিভি ধাৰাবাহিক 'আতীশ', 'হাম হে কল আজ অৰ কাল'ৰ জৰিয়তে ২০০০ চনত টিভিৰ জগতত ভুমুকি মাৰিছিল স্মৃতিয়ে । যদিও একতা কাপুৰৰ 'কিউকি চাচ ভি কভি বহু থি' ধাৰাবাহিকে স্মৃতি ইৰাণীৰ জীৱন সলনি কৰিছিল । এই ধাৰাবাহিকখনৰ পৰাই ঘৰে ঘৰে জনপ্ৰিয় হৈ পৰিছিল তেওঁ। য'ত তেওঁ তুলসীৰ চৰিত্ৰত অভিনয় কৰিছিল। এই ধাৰাবাহিকখনৰ বাবেই তেওঁ ৫ টা ভাৰতীয় টেলিভিছন একাডেমী বঁটা, ৪ টা ভাৰতীয় টেলি বঁটা আৰু ৮ টা ষ্টাৰ পৰিবাৰৰ পুৰস্কাৰ লাভ কৰিছিল। স্মৃতি ইৰাণীক পূৰ্বে একতা কাপুৰৰ এটা দলে অগ্ৰাহ্য কৰিছিল বুলি কোৱা হয় ।

২০০১ চনত ৰামায়ণত সীতাৰ চৰিত্ৰত অভিনয় কৰিছিল স্মৃতিয়ে । তদুপৰি স্মৃতিয়ে 'বিৰোধ' 'তিন বহুৰাণীয়া' আৰু 'এক থি নায়িকা'ৰ দৰে কেইবাখনো টিভি ধাৰাবাহিকত কাম কৰিছিল। ২০০১ চনতে জুবিন ইৰাণীৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় স্মৃতি । জুবিন ইতিমধ্যে বিবাহিত আছিল আৰু তেওঁৰ এগৰাকী কন্যা সন্তানো আছিল । প্ৰথম পত্নীক বিবাহ বিচ্ছেদ কৰাৰ পিছত জুবিনে স্মৃতিক বিয়া কৰাইছিল। দুয়োৰে এজন পুত্ৰ সন্তান আৰু এগৰাকী কন্যা সন্তান আছে ৷ ২০০৩ চনত স্মৃতি ইৰাণীয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে আৰু টিভি বিশ্বৰ পৰা একপ্ৰকাৰ বিদায় লয় । আজি এগৰাকী সফল ৰাজনৈতিক নেত্ৰী ৷
First published: March 23, 2021, 11:09 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি