টিউচন কৰাৰ চলেৰে শিক্ষয়িত্ৰীয়ে বিয়া পাতিলে ১৩ বছৰীয়া ছাত্ৰক! ফুলশয্যা নিশাৰ পিছতে ঘটনা আহিল পোহৰলৈ...

News18 Assam | News18-Assam
Updated:March 19, 2021, 11:19 PM IST
টিউচন কৰাৰ চলেৰে শিক্ষয়িত্ৰীয়ে বিয়া পাতিলে ১৩ বছৰীয়া ছাত্ৰক! ফুলশয্যা নিশাৰ পিছতে ঘটনা আহিল পোহৰলৈ...
প্ৰতীকী ফটো

জন্ম কুণ্ডলীত থকা মাংগলিক দোষৰ পৰা ৰক্ষা পাবলৈ শিক্ষয়িত্ৰীগৰাকীয়ে নিজৰ ১৩ বছৰীয়া ছাত্ৰৰ সৈতে বিবাহ পাশত আবদ্ধ হ'ল বুলি উল্লেখ কৰিছে।

  • Share this:
আচৰিত ঘটনা! টিউচন কৰাৰ চলেৰে নিজৰ ছাত্ৰৰ সৈতেই বিবাহ পাশত আবদ্ধ হ'ল এগৰাকী শিক্ষয়িত্ৰী। পাঞ্জাৱৰ জলন্ধৰত এই ঘটনা এতিয়া চৰ্চালৈ আহিছে। জন্ম কুণ্ডলীত থকা মাংগলিক দোষৰ পৰা ৰক্ষা পাবলৈ শিক্ষয়িত্ৰীগৰাকীয়ে নিজৰ ১৩ বছৰীয়া ছাত্ৰৰ সৈতে বিবাহ পাশত আবদ্ধ হ'ল বুলি উল্লেখ কৰিছে।

শিক্ষয়িত্ৰীগৰাকীয়ে জনোৱা মতে, মন্দিৰৰ পূজাৰীয়ে তেওঁক মাংগলিক দোষ নাইকীয়া কৰিবলৈ এগৰাকী কিশোৰৰ সৈতে symbolic marriage ৰ বিধান দিছিল। কিন্তু এই দাবীক নস্যাত্‍ কৰিছে মন্দিৰৰ পূজাৰীয়ে।

ঘটনা অনুসৰি, শিক্ষয়িত্ৰীগৰাকীয়ে ছাত্ৰজনৰ পৰিয়ালক কৈছিল যে, ক্লাচৰ খাতিৰত ছাত্ৰজনক এসপ্তাহৰ বাবে তেওঁৰ ঘৰত থাকিবলৈ দিব লাগে। কিন্তু যেতিয়া ছাত্ৰজন এসপ্তাহৰ পিছত নিজৰ ঘৰলৈ উভতি যায়, তেতিয়াই প্ৰকৃত ঘটনা পোহৰলৈ আহে। ঘৰৰ মানুহক ছাত্ৰজনে সকলো কথা খুলি কোৱাৰ পিছত আৰক্ষীৰ কাষ চাপে ছাত্ৰজনৰ অভিভাৱক।






অভিযোগ অনুসৰি,  শিক্ষয়িত্ৰী আৰু পৰিয়ালে জোৰ কৈ সম্পন্ন কৰিছিল বিবাহ কাৰ্য। আনকি ফুলশয্যা নিশা কটাবলৈও বাধ্য কৰাই ছাত্ৰজনক। কিন্তু ফুলশয্যা নিশাৰ পিছদিনা হাতৰ খাৰু ভাঙি শিক্ষয়িত্ৰীগৰাকীক বিধৱা বুলি ঘোষণা কৰে। আৰু তাৰ পিছতে এখন শোকসভা অনুষ্ঠিত কৰি ছাত্ৰজনক নিজৰ ঘৰলৈ যাবলৈ দিয়া হয়।

ছাত্ৰজনৰ পৰিয়ালৰ লোকে আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পিছতে থানাৰ ফালৰ পৰা শিক্ষয়িত্ৰীগৰাকীক মাতি পঠিওৱা হয়। কিন্তু থানাত উপস্থিত হৈয়ে বিষয়টো মিত-মাত কৰিবলৈ চেষ্টা কৰে শিক্ষয়িত্ৰীগৰাকীয়ে। আৰু পৰিয়ালক কেচ উঠাই  ল’বলৈ অনুৰোধ জনায়।

ইফালে ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে জেৰা কৰিছে শিক্ষয়িত্ৰীগৰাকীক। জলন্ধৰৰ ডি.এছ.পি. গুৰমীত সিঙে কোৱা মতে, বিষয়টোৰ সন্দৰ্ভত বৰ্তমান অনুসন্ধান চলাই থকা হৈছে। কাৰণ  ই এটা বেআইনী বিষয়।




Published by: Himangshu Bhuyan
First published: March 19, 2021, 11:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি