যান–বাহন আইন উলংঘা কৰিলেই বিপদ, ট্ৰাক মালিকক ১ লাখ ৪১ হাজাৰ টকা জৰিমনা

News18-Assam
Updated:September 11, 2019, 7:48 AM IST
যান–বাহন আইন উলংঘা কৰিলেই বিপদ, ট্ৰাক মালিকক ১ লাখ ৪১ হাজাৰ টকা জৰিমনা
Photo : www.businesstoday.in

একাংশ লোকৰ নতুন যান–বাহন আইনৰ বিষয়ে অজ্ঞতাৰ বাবেই এইদৰে বৃহৎ পৰিমাণৰ জৰিমনা ভৰিবলগীয়া হৈছে।

  • News18 Assam
  • Last Updated: September 11, 2019, 7:48 AM IST
  • Share this:
নতুন যান–বাহন আইন কাৰ্যকৰী হোৱাৰ পিছৰে পৰা প্ৰতিদিনে বৃহৎ পৰিমাণৰ জৰিমনাৰ ঘটনা পোহৰলৈ আহিছে। ক’ৰবাত যদি বৃহৎ পৰিমাণৰ জৰিমনাৰ প্ৰতিবাদ কৰিছে, ক’ৰবাত আকৌ ক্ষোভত জ্বলাই দিছে বাহন। ইয়াৰ মাজতে দিল্লীত এতিয়ালৈকে সৰ্বাধিক পৰিমাণৰ জৰিমনা বিহাৰ ঘটনা পোহৰলৈ আহিছে।

দিল্লীৰ এজন ট্ৰাক মালিকক বিহা হ’ল ১ লাখ ৪১ হাজাৰ ৭০০ টকাৰ চালান। লোকজনে দিল্লীৰ ৰোহিনী ক’ৰ্টত পৰিশোধ কৰিছে জৰিমনাৰ ধন। ট্ৰাক মালিকজন ৰাজস্থানৰ বিকানেৰৰ বাসিন্দা। ৫ ছেপ্টেম্বৰত অভাৰলোডিঙৰ বাবে ট্ৰাক চালকক ৭০ হাজাৰ টকাৰ চালান কাটে আৰক্ষীয়ে। আনহাতে, ট্ৰাকত অত্যধিক সামগ্ৰী কঢ়িয়াই অনাৰ বাবে মালিককো ৭০ হাজাৰ টকাৰ জৰিমনা বিহা হয়। ট্ৰাক মালিকে জনোৱা অনুসৰি অতিৰিক্ত আৰু ১৭০০ টকাৰ চালান কাটে আৰক্ষীয়ে। চালানৰ মুঠ জৰিমনাৰ পৰিমাণ হ’লগৈ ১ লাখ ৪১ হাজাৰ ৭০০ টকা।



উল্লেখযোগ্য যে ১ ছেপ্টেম্বৰৰ পৰা নতুন যান–বাহন আইন কাৰ্যকৰী হোৱাৰ পিছৰে পৰা দৈনিক বৃহত্‍ পৰিমাণৰ জৰিমনা বিহাৰ ঘটনা সংঘটিত হৈছে। একাংশ লোকৰ নতুন যান–বাহন আইনৰ বিষয়ে অজ্ঞতাৰ বাবেই এইদৰে বৃহৎ পৰিমাণৰ জৰিমনা ভৰিবলগীয়া হৈছে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
First published: September 11, 2019, 7:44 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading