অন্য এজন নাগৰিকে অপৰাধীক গোচৰৰ মুখামুখি হ’লে যেনেদৰে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়, ৰিপাব্লিক টিভিয়ে তেনেদৰে উচ্চ ন্যায়ালয় যাওক – মন্তব্য ন্যায়াধীশ চন্দ্ৰচুড়ৰ।
অন্য এজন নাগৰিকে অপৰাধীক গোচৰৰ মুখামুখি হ’লে যেনেদৰে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়, ৰিপাব্লিক টিভিয়ে তেনেদৰে উচ্চ ন্যায়ালয় যাওক – মন্তব্য ন্যায়াধীশ চন্দ্ৰচুড়ৰ।
আজি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰে গঠিত এখন তিনিজনীয়া বিচাৰপীঠে ৰিপাব্লিক টিভিয়ে টিআৰপি কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰি কৰা আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। তাৰ পৰিৱৰ্তে বোম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ পৰামৰ্শ দিলে ন্যায়াধীশগৰাকীয়ে।
তিনিজনীয়া বিচাৰপীঠখনৰ নেতৃত্ব দি ন্যায়াধীশ গৰাকীয়ে কয় – ইতিমধ্যে ৰিপাব্লিক টিভিয়ে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে। এতিয়া যদি উচ্চতম ন্যায়ালয়ে এইখন আবেদন গ্ৰহণ কৰে তেন্তে সৰ্বোচ্চ ন্যায়ালয়ৰ উচ্চ ন্যায়ালয়ৰ ওপৰত আস্থা নথকা যেন লাগিব। অন্য এজন নাগৰিকে অপৰাধীক গোচৰৰ মুখামুখি হ’লে যেনেদৰে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়, ৰিপাব্লিক টিভিয়ে তেনেদৰে উচ্চ ন্যায়ালয় যাওক – মন্তব্য ন্যায়াধীশ চন্দ্ৰচুড়ৰ।
উল্লেখযোগ্য যে ন্যায়াধীশগৰাকীয়ে মুম্বাই আৰক্ষী আয়ুক্তই টিআৰপি কেলেংকাৰীক লৈ প্ৰদান কৰা সংবাদ মেলকলৈও উদ্বেগ প্ৰকাশ কৰে।
অন্যহাতেদি মুম্বাই আৰক্ষীয়ে উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰি সংবাদ প্ৰতিষ্ঠানটোৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীয়ে আৰক্ষীৰ তদন্তত ব্যাঘাত সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|