• Home
  • »
  • News
  • »
  • nation
  • »
  • TRP বিতৰ্ক! ১২ সপ্তাহলৈ বন্ধ নিউজ চেনেলৰ সাপ্তাহিক ৰেটিং, BARCএ ল’লে সিদ্ধান্ত

TRP বিতৰ্ক! ১২ সপ্তাহলৈ বন্ধ নিউজ চেনেলৰ সাপ্তাহিক ৰেটিং, BARCএ ল’লে সিদ্ধান্ত

কিন্তু ৰাজ্য আৰু ভাষাৰ ওপৰত দৰ্শকৰ নিউজ জ’নাৰৰ সাপ্তাহিক এষ্টিমেট দি থাকিব।

কিন্তু ৰাজ্য আৰু ভাষাৰ ওপৰত দৰ্শকৰ নিউজ জ’নাৰৰ সাপ্তাহিক এষ্টিমেট দি থাকিব।

কিন্তু ৰাজ্য আৰু ভাষাৰ ওপৰত দৰ্শকৰ নিউজ জ’নাৰৰ সাপ্তাহিক এষ্টিমেট দি থাকিব।

  • Share this:
টেলিভিশ্যন ৰেটিং পইণ্টৰ বিবাদকলৈ সৰ্ব দিশতে চৰ্চা অব্যাহত আছে। যাৰ ফলত আগন্তুক ৮-১২ সপ্তাহ পৰ্যন্ত BARCএ চেনেলৰ টি আৰ পি প্ৰকাশ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে এই সন্দৰ্ভত প্ৰস্তাৱ গ্ৰহণ কৰিছে BARC-এ। ৰেটিং এজেন্সীটোৰ ফালৰ পৰা জনোৱা মতে,  ফেক ৰেটিঙৰ বাতৰি আৰু তেনে অভিযোগৰ ওপৰত, তেওঁলোকে নিজৰ চিষ্টেম ভালদলে পৰ্যপেক্ষণ কৰিব। ফলত এক সিদ্ধান্তত উপনীত হ’ব নোৱাৰা পৰ্যন্ত নিউজ জ’নাৰৰ লগতে BARCএ সকলো বাতৰি চেনেলৰ বাবে পৃথক পৃথকৈ জাৰি কৰা সাপ্তাহিক ৰিপৰ্ট বন্ধ কৰিব।

কিন্তু ৰাজ্য আৰু ভাষাৰ ওপৰত দৰ্শকৰ নিউজ জ’নাৰৰ সাপ্তাহিক এষ্টিমেট দি থাকিব।

উল্লেখযোগ্য যে, মুম্বাই আৰক্ষীয়ে ৰিপাব্লিক টিভিৰ লগতে দুটা মাৰাঠী টেলিভিছন চেনেলৰ বিৰুদ্ধে ধনৰ বিনিময়ত টিআৰপি মেনেজ কৰাৰ অভিযোগ উত্থাপিত কৰিছিল। আনকি ঘটনাৰ সন্দৰ্ভত তদন্ত ঘোষণা কৰিছিল। এই কথা পোহৰলৈ অহাৰ পিছৰ পৰাই সমগ্ৰ দেশ কঁপাই তুলিছিল টি আৰ পি কেলেংকাৰীয়ে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি