• Home
  • »
  • News
  • »
  • nation
  • »
  • সলনি হ’ব নেকি TRP জোখাৰ নিয়ম? কেন্দ্ৰীয় চৰকাৰে গঠন কৰিছে পেনেল 

সলনি হ’ব নেকি TRP জোখাৰ নিয়ম? কেন্দ্ৰীয় চৰকাৰে গঠন কৰিছে পেনেল 

চাৰিজনীয়া এই চৰকাৰী সমিতিখনৰ নেতৃত্ব বহন কৰিব প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া শশী শেখৰ ভেমপটে। 

চাৰিজনীয়া এই চৰকাৰী সমিতিখনৰ নেতৃত্ব বহন কৰিব প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া শশী শেখৰ ভেমপটে। 

চাৰিজনীয়া এই চৰকাৰী সমিতিখনৰ নেতৃত্ব বহন কৰিব প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া শশী শেখৰ ভেমপটে। 

  • Share this:
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে TRP নিৰ্ধাৰণ কৰা প্ৰতিষ্ঠানসমূহৰ কাৰণে নিয়মাৱলী নিশ্চিত কৰাৰ উদ্দেশ্যৰে গঠন কৰিছে এখন পেনেল। চাৰিজনীয়া এই চৰকাৰী সমিতিখনৰ নেতৃত্ব বহন কৰিব প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া শশী শেখৰ ভেমপটে।  সংসদীয় কমিটী আৰু Telecom Regulatory Authority of India (TRAI)ৰ পৰামৰ্শ অনুসৰি প্রস্তুত কৰা পূৰ্বৰ নিয়মসমূহৰ পৰ্যালোচনা কৰি সমিতিখনে নতুন নিয়মৰ পৰামৰ্শ প্ৰদান কৰিব।

বৃহস্পতিবাৰে মন্ত্ৰণালয়ে এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি কয় – TRP নিৰ্ধাৰণ কৰা প্ৰক্ৰিয়াক অধিক শক্তিশালী কৰিবলৈ তথা উন্নত প্ৰযুক্তিৰ ব্যৱহাৰৰে সঠিক মাপকাঠি নিৰ্ণয় কৰিবলৈ TRP জোখা প্ৰতিষ্ঠানসমূহৰ  কাৰণে চৰকাৰে বান্ধি দিয়া নিয়মৰ পুনৰীক্ষণ প্ৰয়োজন হৈ উঠিছে।

উল্লেখযোগ্য যে মুম্বাই আৰক্ষীৰ তদন্তত তিনিটা টিভি চেনেলে TRPত জালিয়াতি কৰাৰ কথা পোহৰলৈ অহাৰ পাছত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে গঠন কৰিছে এই পেনেল।

কমিটীখনৰ আন তিনিজন সদস্য হৈছে – IIT কানপুৰৰ অধ্যাপক ড০ শালাভ, C-Dotৰ সঞ্চালক ৰাজকুমাৰ উপাধ্যায় আৰু Decision Science Centre for Public Policyৰ অধ্যাপক পুলক ঘোষ।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি