বিগত সপ্তাহৰ ১১ৰ পৰা ১৪ জানুৱাৰীলৈ উত্তৰ–পূবৰ তিনি ৰাজ্যৰ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লৈছিল দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে৷ ত্ৰিপুৰা, নাগালেণ্ড, মেঘালয় – এই তিনি ৰাজ্যৰ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লৈ যোৱাৰ পিছত এই কথা স্পষ্ট যে যিকোনো মুহূৰ্ততে ঘোষণা হ'ব পাৰে তিনিখন ৰাজ্যৰ নিৰ্বাচনৰ দিন (Tripura, Meghalaya, Nagaland Assembly Election)৷ ইয়াৰ লগতে এইটোও এক অন্যতম কাৰণ যে ত্ৰিপুৰা, নাগালেণ্ড, মেঘালয়ৰ তিনিওখন চৰকাৰে শপত ল'ব লাগিব ২২মাৰ্চৰ পূৰ্বে৷ তাৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষাৰ হেতু ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহতে নিৰ্বাচন সমাপ্ত কৰি শিক্ষানুষ্ঠানসমূহ পৰীক্ষাৰ বাবে আজৰি কৰি দিব লাগিব প্ৰশাসনে৷
যিকোনো মুহূৰ্ততে নিৰ্বাচনৰ দিন ঘোষণা হ'ব লগীয়া এই তিনিখন ৰাজ্যৰ ভিতৰত ত্ৰিপুৰাত বিজেপিৰ নিজা চৰকাৰ থকাৰ বিপৰীতে মেঘালয়, নাগালেণ্ডত চৰকাৰৰ অংশীদাৰ বিজেপি৷ এই তিনিওখন ৰাজ্যতে আছে ৬০টাকৈ বিধানসভা সমষ্টি৷
বিগত ২০১৮ৰ নিৰ্বাচনত ২৫বছৰীয়া বাঁওপন্থীৰ শাসন ওফৰাই ৩৩খন আসনত জয়লাভ কৰি ত্ৰিপুৰা দখল কৰিছিল বিজেপিয়ে৷ ত্ৰিপুৰাত বিজেপি ৩৩, INDIGENOUS PEOPLE'S FRONT OF TRIPURA(IPFT) ৪, চি পি আই(এম) ১৫ আৰু কংগ্ৰেছ ১, খালী হৈ আছে ৭খন আসন৷ ত্ৰিপুৰাত প্ৰায় ২০টাকৈ সমষ্টি জনজাতীয় ভোটাৰ অধ্যুষিত৷ এই ২০টা সমষ্টিত প্ৰভাৱ থকা 'তিপ্ৰা মঠা' কাৰ লগত থাকিব সেয়া লক্ষণীয় হ'ব৷
একেদৰে সুস্মিতা দেব বৰ্মনৰ যোগেদি তৃণমূল কংগ্ৰেছে পানী ঘোলাৰ চেষ্টা অব্যাহত ৰাখিছে যদিও ত্ৰিপুৰাৰ পৌৰ সভাত কোনো প্ৰভাৱ পৰা নাছিল৷ মমতা বেনাৰ্জীৰ টিএমচি অৱশ্যেই আত্মবিশ্বাসী ত্ৰিপুৰাক লৈ৷ আনহাতে, ৰাজ্যখনৰ নিৰ্বাচনত কংগ্ৰেছ আৰু চিপিআই(এম) একেলগ হ'লে সুকীয়া হৈ পৰিব পাৰে নিৰ্বাচনী অংক৷
৬০টা সমষ্টিত নিৰ্বাচন হ'ব লগীয়া নাগালেণ্ডত বৰ্তমান NDPP, BJP, NPFৰ সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ চৰকাৰ চলি আছে৷ নাগালেণ্ড বিধানসভাক বিৰোধীহীন কৰি ২১গৰাকী NPF সদস্য UNITED DEMOCRATIC ALLIANCEত চামিল হোৱাত বৰ্তমান বিধানসভাত শক্তি NDPPৰ ৪২, বিজেপিৰ ১২, NPFৰ ৪ আৰু নিৰ্দলীয় ২৷ নাগালেণ্ডক লৈ বিজেপি আত্মবিশ্বাসী যদিও পৃথক ফ্ৰণ্টিয়াৰ নাগালেণ্ডৰ দাবী এই নিৰ্বাচনৰ অন্যতম ফেক্টৰ হ'ব পাৰে৷
ঠিক একেদৰে ঘনে ঘনে দৃশ্যপট সলনি হৈছে মেঘালয়ৰ ৰাজনীতিয়েও৷ ৬০টা সমষ্টিৰ ভিতৰত বৰ্তমান কণৰাড চাংমাৰ নেতৃত্বৰ চৰকাৰত NPPৰ বিধায়ক ২০, UNITED DEMOCRATIC PARTY ৮, বিজেপি ৩, নিৰ্দলীয় ২৷ বিৰোধী তৃণমূল কংগ্ৰেছৰ হাতত ৮গৰাকী বিধায়ক আৰু খালী হৈ আছে বাকী আসন৷ মেঘালয়ত আকৌ BJPৰ সৈতে মিত্ৰতা থকা সত্ত্বেও ‘একলা চলো’ নীতি গ্ৰহণ কৰিছে NATIONAL PEOPLE'S PARTY চমুকৈ NPPয়ে৷ ৫৮টাকৈ সমষ্টিতে প্ৰাৰ্থী ঘোষণা কৰিছে দলটোৱে৷
এন পি পিৰ আত্মবিশ্বাস বঢ়াইছে তৃণমূলৰ জিম্মী ডি চাংমা আৰু মাৰ্থন চাংমাৰ আগমনে৷ বিজেপিয়ে নিজৰ কূট–কৌশল অহৰহ প্ৰচেষ্টা অব্যাহত ৰখাৰ অন্তত NPPৰ ২, কংগ্ৰেছ আৰু নিৰ্দলীয় এজনকৈ বিধায়কক দলটোত যোগদান কৰোৱাত সফল হৈছে৷ কিন্তু মেঘালয়ত এই সময়ত শোচনীয় অৱস্থা কংগ্ৰেছৰহে৷ কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছলৈ ঢাপলি মেলিলে অধিকাংশ কংগ্ৰেছীয়ে৷ মুকুল চাংমাৰ সমানেই মেঘালয়ক লৈ আত্মবিশ্বাসী মমতা বেনাৰ্জী, অভিষেক বেনাৰ্জীও৷ কিন্তু তৃণমূলেও ধৰি ৰাখিব পৰা নাই নেতাক, ইতিমধ্যে নাটকীয় পৰিৱৰ্তনেৰে তৃণমূলৰ তিনিজন বিধায়কৰ দুজনে NPPত এজনে যোগদান কৰিছে বিজেপিত৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : January 18, 2023, 14:28 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।