পত্নীৰ পৰা অসুৰক্ষিত! আত্মৰক্ষাৰ বাবে বেডৰুমত চিচিটিভি কেমেৰা সংস্থাপন ব্যক্তিৰ
News18-Assam Updated:July 19, 2019, 6:31 PM IST

পত্নীৰ আচৰণ সন্দেহজনক হোৱাৰ দাবী স্বামীৰ।
পত্নীৰ আচৰণ সন্দেহজনক হোৱাৰ দাবী স্বামীৰ।
- News18 Assam
- Last Updated: July 19, 2019, 6:31 PM IST
ত্ৰিপুৰাৰ প্ৰতাপগঢ়ৰ সাধুটিলাৰ চন্দ্ৰ কান্তি ধৰ নামৰ ৪৭বছৰীয়া ব্যক্তিজনৰ পত্নী ৰত্না পদ্দাৰৰ সৈতে সম্পৰ্ক ভাল নহয় আৰু তিনিবছৰ পূৰ্বে বিবাপপাশত আৱদ্ধ হোৱাৰ পিছৰে পৰা দুয়োৰে মাজত সংঘাত তুংগত উঠিছিল। মহিলাগৰাকীৰ মতে চন্দ্ৰ কান্তি ধৰ আৰু তেওঁৰ পৰিয়ালে যৌতুক বিচাৰি তেওঁক চৰম হাৰাশাস্তি কৰিছে। স্বামী পৰিয়ালৰ অত্যাচাৰত থাকিব নোৱাৰি ৰত্নাই ত্ৰিপুৰাৰ মহিলা আয়োগক গোচৰ দিয়ে।

ৰত্না পদ্দাৰে যোৱা দুই জুলাইত স্বামীৰ বিৰুদ্ধে অত্যাচাৰ, গাৰ্হস্থ্য হিংসা আৰু পৰকীয়া সম্পৰ্কৰ অভিযোগ দাখিল কৰে। ইয়াৰ পিছতে প্ৰথম কাউন্সেলিং ছেছনত ৰত্না পদ্দাৰে স্বামীয়ে বেডৰুমত চিচিটিভি কেমেৰা লগোৱাৰ কথা কয়। আনহাতে স্বামীৰ দাবী পত্নীয়ে সন্দেহজনক আচৰণ কৰি থকাৰ বাবে তেওঁৰ নিজৰ জীৱনলৈ শংকা উপজিল আৰু তেওঁ কেমেৰা লগাবলৈ বাধ্য হ’ল। চন্দ্ৰ কান্তি ধৰক সোধা হৈছিল যে কেমেৰাত সংসাৰৰ গোপন দিশো তেওঁ ৰেকৰ্ড কৰিছে নে কি? ইয়াৰ উত্তৰত চন্দ্ৰ কান্তি ধৰে কয় যে তেওঁ পৃথক বিচনাত শুৱে আৰু কেমেৰাই কেৱল তেওঁৰ দিশটোহে কভাৰ কৰে।


ত্ৰিপুৰাৰ মহিলা আয়োগৰ সভানেত্ৰী বৰ্ণালী গোস্বামীয়ে এই ঘটনাক ‘বিৰল আৰু অতি গুৰুতৰ’ অপৰাধ আখ্যা দিছে। ক্ষুব্ধ মহিলা আয়োগৰ সভানেত্ৰীগৰাকীয়ে ভৎৰ্সনা কৰে চন্দ্ৰ কান্তি ধৰক।
