চৰকাৰী কৰ্মচাৰীয়েও সভা–সমিতিত অংশ ল’ব পাৰে, ছচিয়েল মিডিয়াত পোষ্ট দিব পাৰেঃত্ৰিপুৰা উচ্চ ন্যায়ালয়

News18 Assam | News18-Assam
Updated:January 13, 2020, 10:53 AM IST
চৰকাৰী কৰ্মচাৰীয়েও সভা–সমিতিত অংশ ল’ব পাৰে, ছচিয়েল মিডিয়াত পোষ্ট দিব পাৰেঃত্ৰিপুৰা উচ্চ ন্যায়ালয়
Tripura High Court

চৰকাৰী কৰ্মচাৰীৰো আছে মৌলিক অধিকাৰ।

  • Share this:
নাগৰিকত্ব সংশোধনী আইন আৰু চৰকাৰী কৰ্মচাৰীৰ ওপৰত মুক্তমনে মত প্ৰকাশক লৈ বিভিন্ন বাধা নিষেধ আৰোপ কৰাৰ সময়তে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ ৰায়।  চৰকাৰী কৰ্মচাৰীয়ে সভাই–সমিতিয়ে অংশ লোৱা বা ছ’চিয়েল মিডিয়াত মুক্তভাৱে পোষ্ট দিয়াত হকা বধা আৰোপ কৰিব নোৱাৰি। চৰকাৰী কৰ্মচাৰী হোৱাৰ বাবেই মৌলিক অধিকাৰ বাক স্বাধীনতা নেহেৰুৱায়।  ন্যায়ালয়ে ৰায়টোত কৈছে চৰকাৰী কৰ্মচাৰীয়ে সভা-সমিতি, ৰাজনৈতিক কাৰ্য্যসূচীত অংশগ্ৰহণ কাৰ্য সদৌ ভাৰত সেৱা (আচৰণ) বিধিৰ ৫ নং নিয়মৰ অধীনত কোনো শাস্তিমূলক ব্যৱস্থা আহ্বান নকৰে।ৰাজনৈতিক সভাত উপস্থিত থকা মানে ৰাজনীতিত জড়িত হোৱাটো নুবুজায় ।

লিপিকা পাল নামৰ মীন বিভাগৰ ইউডিচি এগৰাকীয়ে যোৱা ২০১৭চনত এক ৰাজনৈতিক সভাত অংশ লোৱাৰ লগতে অন্য এটা দলৰ প্ৰাৰ্থীক সমালোচনা কৰি ফেচবুকত পষ্ট দিছিল। ইয়াৰ পিছতে ২০১৮চনৰ এপ্ৰিল মাহত অৱসৰৰ চাৰিদিন আগত কৰ্মচাৰীগৰাকীক বৰ্খাস্ত কৰা হয়। সেৱা‍বিধিৰ (আচৰণ) ৫নম্বৰ নিয়মৰ অধীনত তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। এই শাস্তিক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল লিপিকা। ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অখিল কুৰেশ্বিয়ে এইক্ষেত্ৰত দিয়া ৰায় চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।

আনহাতে যোৱা শুকুৰবাৰে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে আন এটা গোচৰৰ শুনানিত ফেচবুক পষ্ট দিয়া এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীক কোনো আইনী ব্যৱস্থা আগনবঢ়াবলৈ নিৰ্দেশ দিয়ে। ছচিয়েল মিডিয়াত মনৰ ভাৱ প্ৰকাশ কৰা মৌলিক অধিকাৰ আৰু প্ৰতিজন নাগৰিকৰ নিচিনাকৈ চৰকাৰী কৰ্মচাৰীৰো এই অধিকাৰ থকাৰ কথা কৰ্টে উল্লেখ কৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি