ত্ৰিপুৰাত নিষিদ্ধ কৰা হ’ল বলি বিধান

শুকুৰবাৰে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে ল’লে এক ঐতিহাসিক সিদ্ধান্ত

News18-Assam
Updated:September 28, 2019, 10:50 AM IST
ত্ৰিপুৰাত নিষিদ্ধ কৰা হ’ল বলি বিধান
Source-Google
News18-Assam
Updated: September 28, 2019, 10:50 AM IST
শুকুৰবাৰে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে ল’লে এক ঐতিহাসিক সিদ্ধান্ত। মুখ্য ন্যায়াধীশ সঞ্জয় কাৰল আৰু ন্যায়াধীশ অৰিন্দম লৌধৰ ৰায় অনুসৰি ৰাজ্যখনত ধৰ্মক দোহাই দি মন্দিৰত হোৱা বলি বিধান সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰা হয়। ত্ৰিপুৰাৰ এজন জিলা ন্যায়াধীশে বলি বিধান নিষিদ্ধ কৰাৰ বাবে উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল। এই আবেদনৰ ভিত্তিতে উচ্চ ন্যায়ালয়ে প্ৰদান কৰে এই গুৰুত্বপূৰ্ণ ৰায়। ৰায়দান প্ৰদান কৰাৰ পিছতে এতিয়া ৰাজ্যখনৰ বিভিন্ন মন্দিৰৰ সন্মুখত অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব বুলি আশংকা কৰা হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি