বলি–বিধান নিষিদ্ধ কৰি উচ্চ ন্যায়ালয়ে দিয়া ৰায়ৰ বিৰুদ্ধে ত্ৰিপুৰা চৰকাৰ! দ্বাৰস্থ হ’ব উচ্চতম ন্যায়ালয়ৰ

শুকুৰবাৰে উচ্চ ন্যায়ালয়ে ত্ৰিপুৰাত নিষিদ্ধ কৰিছিল বলি বিধান

News18-Assam
Updated:September 29, 2019, 6:28 PM IST
বলি–বিধান নিষিদ্ধ কৰি উচ্চ ন্যায়ালয়ে দিয়া ৰায়ৰ বিৰুদ্ধে ত্ৰিপুৰা চৰকাৰ! দ্বাৰস্থ হ’ব উচ্চতম ন্যায়ালয়ৰ
Source-Google
News18-Assam
Updated: September 29, 2019, 6:28 PM IST
ত্ৰিপুৰা উচ্চ ন্যায়ালৰ ৰায়ৰ বিৰুদ্ধে এইবাৰ ত্ৰিপুৰা চৰকাৰ! ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে ধৰ্মীয় স্থানত বলি বিধান নিষিদ্ধ কৰি দিয়া ৰায়ৰ বিৰুদ্ধে  উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হ’ব ত্ৰিপুৰা চৰকাৰ। ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে শুকুৰবাৰে শতিকাজুৰি ৰাজ্যখনৰ ধৰ্মীয় স্থানসমূহত চলি থকা জীৱ-জন্তু বলি দিয়া নিষিদ্ধ কৰি এক ৰায়দান কৰিছিল।

পৰম্পৰা অনুসৰি মন্দিৰত বলি বিধান চলি আছে বুলি যুক্তিদৰ্শাই একাংশই। কিন্তু ৰায় অনুসৰি ‘’যিকোনো ভক্তই ব্যক্তিগত বিশ্বাস, ধাৰণা বা আকাংক্ষাৰ বাবে কোনো জন্তু উৎসৰ্গা কৰিব পাৰে, কিন্তু পশুটো ঘুৰাই লোৱা তথা কোনো পৰিস্থিতিতে পশু বলি দিয়াৰ অনুমতি দিয়া নহ’ব বুলি আদালতে প্ৰকাশ কৰে।

লগতে পঢ়ক

ত্ৰিপুৰাত নিষিদ্ধ কৰা হ’ল বলি বিধান

 
আৰু চাওক পৰৱৰ্তী বাতৰি