ত্ৰিপুৰাত কংগ্ৰেছ প্ৰাৰ্থীৰ আক্ৰমণকাৰীক থানাৰ ভিতৰতে কাণতলীয়া ভাতৃৰ

চিচিটিভি ফুটেজত দেখা গৈছে থানাৰ ভিতৰত সোমাই প্ৰদ্যুৎ বিক্ৰম মানিক্যই জ্যেষ্ঠ ভগ্নীৰ আক্ৰমণকাৰীক চৰ শোধোৱাৰ পিছতে আৰক্ষীয়ে তেওঁক আতৰাই নিয়াৰ দৃশ্য।

news18assam
Updated:April 19, 2019, 12:07 AM IST
ত্ৰিপুৰাত কংগ্ৰেছ প্ৰাৰ্থীৰ আক্ৰমণকাৰীক থানাৰ ভিতৰতে কাণতলীয়া ভাতৃৰ
চিচিটিভি ফুটেজত দেখা গৈছে থানাৰ ভিতৰত সোমাই প্ৰদ্যুৎ বিক্ৰম মানিক্যই জ্যেষ্ঠ ভগ্নীৰ আক্ৰমণকাৰীক চৰ শোধোৱাৰ পিছতে আৰক্ষীয়ে তেওঁক আতৰাই নিয়াৰ দৃশ্য।
news18assam
Updated: April 19, 2019, 12:07 AM IST
জ্যেষ্ঠ ভগ্নী তথা কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰজ্ঞা দেৱ বৰ্মনৰ ওপৰত আক্ৰমণ চলাই  আৰক্ষীৰ জালত পৰা এজন ব্যক্তিক থানাৰ ভিতৰতে চৰ শোধালে ত্ৰিপুৰাৰ কংগ্ৰেছৰ সভাপতি প্ৰদ্যুৎ কিশোৰ দেৱ বৰ্মনে। ত্ৰিপুৰাৰ খোৱাইত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা  কংগ্ৰেছ প্ৰাৰ্থী প্ৰজ্ঞা দেৱ বৰ্মন অতৰ্কিতে আক্ৰমণৰ বলি হৈছিল। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা প্ৰজ্ঞা দেৱ বৰ্মনৰ কনভয়লৈ লক্ষ্য় কৰি শিলগুটি নিক্ষেপ কৰিছিল দুৰ্বৃত্তই। এই আক্ৰমণত কোনোমতে ৰক্ষা পৰিছিল প্ৰজ্ঞা। আগৰতলাৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ দূৰৈৰ খোৱাই জিলাৰ তোলাশিখৰত এই আক্ৰমণ দুৰ্বৃত্তৰ। ঘটনা সন্দৰ্ভত লগে লগে থানাত গোচৰ ৰুজু  কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে। এই আক্ৰমণৰ সৈতে জৰিত শাসকীয় আইপিএফটিৰ এগৰাকী সমৰ্থকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

এই আক্ৰমণক ভাৰাতীয়া গুণ্ডাৰে শাসকীয় পক্ষই পৰিকল্পনাৰে সংঘটিত কৰাৰ বিস্ফোৰক দাবীৰে টুইটাৰত ক্ষোভ প্ৰকাশ কৰিছিল প্ৰদ্যুৎ দেৱ বৰ্মনে।



ইয়াৰ পিছতে এএনআইয়ে জাৰী কৰা এক ভিডিঅ’ত দেখা গৈছিল থানাৰ ভিতৰত প্ৰদ্যুৎ দেৱ বৰ্মনে প্ৰৱেশ কৰাৰ লগে লগে বেঞ্চত বহি থকা আক্ৰমণকাৰীয়ে হাত জোৰ কৰি তেওঁক অভিবাদন জনাইছিল তাৰ পিছতে কিবা এটা শুধিছিল কংগ্ৰেছৰ সভাপতিজনে। কিছু পলৰ ভিতৰতে ভগ্নীৰ ওপৰত হোৱা আক্ৰমণৰ অভিযুক্তক এটা কাণতলীয়া শোধায় তেওঁ।

চিচিটিভি ভিডিঅ’ৰ দৃশ্যাংশ


 

পূৱ ত্ৰিপুৰা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে ৰাজপৰিয়ালৰ সদস্যা প্ৰজ্ঞা দেৱ বৰ্মনে। অহা ২৩ এপ্ৰিলত ইয়াত হ’ব ভোটযুদ্ধ।
আৰু চাওক পৰৱৰ্তী বাতৰি