১৫ হাজাৰ ছাত্ৰ-ছাত্ৰীক স্মাৰ্টফোন কিনিবলৈ টকা দিব চৰকাৰে। ২২ খন ডিগ্ৰী কলেজ আৰু দুখন বিশ্ৱবিদ্যালয়কে ধৰি মুঠ ৪০ খন শিক্ষা প্ৰতিষ্ঠানৰ ১৫০০০ শিক্ষাৰ্থীক স্মাৰ্টফোন কিনিবলৈ চৰকাৰে টকা দিব।
এই কথা ঘোষণা কৰিছে ত্ৰিপুৰাৰ শিক্ষা মন্ত্ৰী ৰতন লাল নাথে। শিক্ষাৰ্থীসকলক ফোন কিনিবলৈ ৫ হাজাৰকৈ টকা দিব ত্ৰিপুৰা চৰকাৰে। মুখ্যমন্ত্ৰী যুৱা যোগাযোগ আঁচনিৰ অধীনত ত্ৰিপুৰাত ছাত্ৰ-ছাত্ৰীক দিব স্মাৰ্ট ফোন।
যোৱা বছৰৰ পৰাই আৰম্ভ কৰা এই আঁচনিৰ অধীনত এইবাৰ ৭ কোটি ৫০ লাখ টকা শিক্ষাৰ্থীৰ মাজত বিতৰণ কৰা হ'ব।
উল্লেখ্য যে ত্ৰিপুৰাত ২৯ শতাংশ ছাত্ৰ-ছাত্ৰীৰ ঘৰত মোবাইল ফোন, ইন্টাৰনেট অথবা কেবল টিভি নাই।
Published by: Manjumoni Borah
FIRST PUBLISHED : May 20, 2021, 19:50 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।