পশুৰ ওপৰত চলোৱা নিৰ্যাতনৰ বিৰুদ্ধে বহু আইন আৰু শাস্তি থকা স্বত্বেও, নিৰীহ জন্তুবোৰে বাৰে বাৰে মানুহৰ বৰ্বৰতাৰ সন্মুখীন হৈ আহিছে।
শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল পথৰ এটা কুকুৰৰ ওপৰত এজন যুৱকে চলোৱা নিৰ্যাতনৰ ভিডিও। শুই থকা এটা কুকুৰক নেগুৰত ধৰি ঘূৰাই ঘূৰাই দলিয়াই দিছিল যুৱকজনে। আৰু দৃশ্য পোহৰলৈ অহাৰ পিছতে সকলোৱে একেমুখে যুৱকজনক শাস্তি দিয়াৰ পোষকতা কৰিছিল।
আৰু প্ৰেপ্ত তথ্য মতে, ৰাজীৱ সৰকাৰ নামৰ ত্ৰিপুৰৰ এজন যুৱকে এই বৰ্বৰ কাণ্ড সংঘটিত কৰিছিল। ইতিমধ্যে যুৱকজনক ইতিমধ্যে আগৰতলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
উল্লেখ্য যে, ভিডিঅ'টো ফেচবুক আৰু হোৱাটছএপৰ দৰে ছচিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ হোৱাৰ পিছতে আগৰতলাৰ কে-নাইন নামৰ এটা বেচৰকাৰী সংগঠনৰ দৃষ্টিগোচৰ হয়। বিষয়টো বিবেচনা কৰি, এনজিঅ'টোৱে স্থানীয় আৰক্ষীৰ ওচৰলৈ গৈ ঘটনাটোৰ বিষয়ে জনায়। আৰু আগৰতলাৰ নিউ কেপিটেল কমপ্লেক্স আৰক্ষী থানাত কে নাইন এনিমেল ৱেলফেয়াৰ চ'চাইটিয়ে যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|