মোৰ দেউতা বাংলাদেশৰ পৰা আহিছে, NRC বেয়া হ’লে প্ৰথমে মোৰ মুখ্যমন্ত্ৰিত্ব যাব, ক’লে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে

News18-Assam
Updated:November 26, 2019, 11:32 AM IST
মোৰ দেউতা বাংলাদেশৰ পৰা আহিছে, NRC বেয়া হ’লে প্ৰথমে মোৰ মুখ্যমন্ত্ৰিত্ব যাব, ক’লে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে
NRC আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ পৰা সমগ্ৰ ভাৰতবাসীৰ লাভ হ’ব বুলিও মন্তব্য কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

NRC আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ পৰা সমগ্ৰ ভাৰতবাসীৰ লাভ হ’ব বুলিও মন্তব্য কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

  • News18 Assam
  • Last Updated: November 26, 2019, 11:32 AM IST
  • Share this:
অমিত শ্বাহৰ NRCক লৈ অধিক আত্মবিশ্বাসী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ। NRC আৰু নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন কৰিবলৈ গৈ এক সংবাদমেলত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ক’লে – ‘ৰাষ্ট্ৰৰ হিতৰ বাবে NRC আৰু CAB দুয়োটাই প্ৰয়োজন। মোৰ দেউতাও বাংলাদেশৰ পৰা আহিছে, তেওঁৰ নাগৰিকত্ব আছে। তাৰ পিছত মোৰ জন্ম হৈছে ত্ৰিপুৰাত। যদি NRCৰ পৰা কোনো লোকচান হয় তেন্তে, সকলোতকৈ আগত মোৰ মুখ্যমন্ত্ৰিত্ব গুচি যাব। মই বুৰ্বক নেকি যে মুখ্যমন্ত্ৰীৰ পদ গুচি যাবৰ বাবে মোৰ ৰাজ্যত NRC কাৰ্যকৰী কৰিম?’

NRC আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ পৰা সমগ্ৰ ভাৰতবাসীৰ লাভ হ’ব বুলিও মন্তব্য কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। অনুপ্ৰৱেশকাৰীসকলৰহে NRC আৰু CABৰ পৰা বিপদ হ’ব বুলিও কয় বিপ্লৱ দেৱে।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি