কোৰোণাক প্ৰতিহত কৰাৰ অভিনৱ পন্থা, স্বামী বিবেকানন্দৰ বিষয়ে লিখা কিতাপ বিতৰণ বিপ্লৱ দেৱৰ

সম্প্ৰতি Covid-19ৰে আক্রান্ত লোকক সাক্ষাৎ কৰি তেওঁ স্বামী বিবেকানন্দই জীৱনক লৈ কৰা মহান উক্তিৰ উদ্ধৃতি দি মনোবল বঢ়াবলৈ চেষ্টা কৰে।
সম্প্ৰতি Covid-19ৰে আক্রান্ত লোকক সাক্ষাৎ কৰি তেওঁ স্বামী বিবেকানন্দই জীৱনক লৈ কৰা মহান উক্তিৰ উদ্ধৃতি দি মনোবল বঢ়াবলৈ চেষ্টা কৰে।
- News18 Assam
- Last Updated: August 27, 2020, 3:33 PM IST
এই সন্দৰ্ভত ফেচবুকত তেওঁ কয় – Covid-19ত আক্রান্ত হোৱা সকলৰ মনোবল অটুট ৰাখিবলৈ স্বামী বিবেকানন্দৰ জীৱনৰ বিষয়ে লিখা কিতাপ ৰোগীসকলক বিতৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে; মহামাৰীৰ বিৰুদ্ধে এই যুঁজত শান্ত আৰু শক্তিশালী হৈ থকাটো প্ৰয়োজন।
পূৰ্বেও ৰাইজৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ বিপ্লৱ দেৱে বিনামূলীয়াকৈ নেমু পানী আৰু আনাৰসৰ ৰস বিতৰণ কৰিছিল। টুইটাৰ মাতৃক নেমু ৰস যোগান ধৰাৰ এটা ভিডিঅ’ও মুকলি কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে।