உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Tripura Bypolls: আজি ত্ৰিপুৰাত বিধানসভাৰ উপ–নিৰ্বাচন, ১ লাখ ৮৯ হাজাৰ ভোটাৰে নিৰ্ণয় কৰিব ২২ প্ৰাৰ্থীৰ ভাগ্য

    Tripura Bypolls: আজি ত্ৰিপুৰাত বিধানসভাৰ উপ–নিৰ্বাচন, ১ লাখ ৮৯ হাজাৰ ভোটাৰে নিৰ্ণয় কৰিব ২২ প্ৰাৰ্থীৰ ভাগ্য

    আগৰতলা সমষ্টিত ৬জন, টাউন বৰদোৱালি সমষ্টিত ৬জন আৰু সুৰমা আৰু যুৱৰাজনগৰ সমষ্টিত ৫জনকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

    • Share this:
    আজি ত্ৰিপুৰাত বিধানসভাৰ উপ–নিৰ্বাচন। চাৰিটা সমষ্টিৰ উপ–নিৰ্বাচনৰ বাবে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। চাৰিটা সমষ্টিত মুঠ ২২জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ ভিতৰত আগৰতলা সমষ্টিত ৬জন, টাউন বৰদোৱালি সমষ্টিত ৬জন আৰু সুৰমা আৰু যুৱৰাজনগৰ সমষ্টিত ৫জনকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

    ৰাজ্যখনৰ চাৰিটা সমষ্টিৰ উপ–নিৰ্বাচনত ২২ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ১ লাখ ৮৯ হাজাৰ ৩২জন ভোটাৰে। ইয়াৰ ভিতৰত আগৰতলা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ৫১,৭৩৯জন। টাউন বৰদোৱালি সমষ্টিত ভোটাৰৰ সংখ্যা ৪৬,৬২২জন। সুৰমা সমষ্টিত মুঠ ভোটাৰ ৪৭,৩০০ জন। যুৱৰাজনগৰ সমষ্টিত ভোটাৰৰ সংখ্যা ৪৩,৩৭১জন। চাৰিওটা কেন্দ্ৰত মহিলা ভোটাৰৰ সংখ্যা সৰ্বাধিক। মহিলা ভোটাৰ সংখ্যা ৯৫,৩৮৯ গৰাকী আৰু পুৰুষ ভোটাৰৰ সংখ্যা ৯৩,৬৩৮জন। তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৫জন।
    Published by:Sanjay Kumar Das
    First published: