মুখ্যমন্ত্ৰীৰ চকীত থকাৰ বাবে ড০ মাণিক সাহা এই উপ-নিৰ্বাচনত জয়ী হোৱাটো জৰুৰী আছিল।
মুখ্যমন্ত্ৰীৰ চকীত থকাৰ বাবে ড০ মাণিক সাহা এই উপ-নিৰ্বাচনত জয়ী হোৱাটো জৰুৰী আছিল।
ত্ৰিপুৰাৰ চাৰিটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপিয়ে চাৰিখন আসনৰ ভিতৰত তিনিখন আসন জয় লাভ কৰে। কংগ্ৰেছে এখন আসনত জয়ী হৈ দ্বিতীয় স্থানত থাকে। কিন্তু হৈছে তৃণমূল বিপৰ্যয়। ত্ৰিপুৰাক লৈ আশা কৰা তৃণমূলৰ পৰাজয়ে আশাহত কৰিছে কৰ্মীসকলক।
আজি ঘোষণা কৰা ফলাফল অনুসৰি (Tripura by-polls Result) ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই প্ৰথমবাৰৰ বাবে নিৰ্বাচনত জয়ী হৈছে। মানিকে (Dr Manik Saha) বৰদোৱালী সমষ্টিৰ পৰা ১৭,১৮১ টা ভোট লাভ কৰিছিল। তেওঁৰ প্ৰতিদ্বন্দ্বী দুবাৰৰ কংগ্ৰেছ বিধায়ক আশিস সাহাই ১১,০৭৭ টা ভোট লাভ কৰে। এই সমষ্টিৰ পৰা তৃণমূলৰ (TMC ) হেভিৱেট প্ৰাৰ্থী সংহিতা ভট্টাচাৰ্যই মাত্ৰ ৯৮৬ টা ভোট লাভ কৰে। আনহাতে বাঁওপন্থী প্ৰাৰ্থীয়ে সেই আসনত ৩,৩৭৬ টা ভোট লাভ কৰে।
যোৱা মাহত বিপ্লব দেৱৰ আকস্মিক পদত্যাগৰ ২৪ ঘণ্টাৰ ভিতৰত বিজেপিয়ে ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যসভাৰ সাংসদ মাণিক সাহাৰ নাম ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীৰ চকীত থকাৰ বাবে তেওঁ এই উপ-নিৰ্বাচনত জয়ী হোৱাটো জৰুৰী আছিল।
আনহাতে, বিজেপি এৰি কংগ্ৰেছত যোগদান কৰা সুদীপ ৰয় বৰ্মনে আগৰতলা সমষ্টিত কঠোৰ যুঁজৰ পিছত শেষ হাঁহি মাৰে। বিপ্লব দেৱৰ মন্ত্ৰীসভাৰ প্ৰাক্তন মন্ত্ৰী সুদীপে ১৭,৪৩১ টা ভোট লাভ কৰে। তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ অশোক সিঙে ১৫,২৬৮ টা ভোট লাভ কৰে। বাঁওপন্থী প্ৰাৰ্থী কৃষ্ণ মজুমদাৰে ৬,৮০৮ টা ভোট লাভ কৰাৰ বিপৰীতে তৃণমূলৰ প্ৰণৱ দেৱে ৮৪২ টা ভোট লাভ কৰে।
যুৱৰাজনগৰ কেন্দ্ৰতো জয়ী হয় বিজেপি। বিজেপি প্ৰাৰ্থী মলিনা দেবনাথে ১৮,৭৬৯ টা ভোট লাভ কৰি জয়ী হয়। তেওঁৰ পিছতে আছিল চিপিএম প্ৰাৰ্থী শৈলেন্দ্ৰ চন্দ্ৰ নাথ, যিয়ে ১৪,১৯৭ টা ভোট লাভ কৰিছিল।
আনহাতে সুৰমা সমষ্টিত বিজেপি প্ৰাৰ্থী স্বপ্ন দাসে বাঁওপন্থী আৰু নিৰ্দলীয়সকলক পৰাস্ত কৰি জয়ী হৈছিল। তেওঁ ১৬,৬৭৭ টা ভোট লাভ কৰিছিল। কংগ্ৰেছ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীয়ে ১২,০৯৪ টা ভোট লাভ কৰিছিল। চিপিএমে ৮,৪১৫ টা আৰু তৃণমূলে ১,৩৪১ টা ভোট লাভ কৰিছিল।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|