মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»পশ্চিমবংগৰ পিছত ত্ৰিপুৰা BJPক দূৰ্বল কৰাৰ কৌশল মমতা বাহিনীৰ ! বিজেপি কৰ্মীক অচিনাকী নম্বৰৰ ফোন নধৰিবলৈ পৰামৰ্শ...

পশ্চিমবংগৰ পিছত ত্ৰিপুৰা BJPক দূৰ্বল কৰাৰ কৌশল মমতা বাহিনীৰ ! বিজেপি কৰ্মীক অচিনাকী নম্বৰৰ ফোন নধৰিবলৈ পৰামৰ্শ...

News18 Assam | News18-Assam
Updated:September 6, 2021, 8:16 AM IST
পশ্চিমবংগৰ পিছত ত্ৰিপুৰা BJPক দূৰ্বল কৰাৰ কৌশল মমতা বাহিনীৰ ! বিজেপি কৰ্মীক অচিনাকী নম্বৰৰ ফোন নধৰিবলৈ পৰামৰ্শ...
পশ্চিমবংগৰ পিছত ত্ৰিপুৰা বিজেপিক দুৰ্বল কৰাৰ কৌশল মমতা বাহিনীৰ।  বিজেপি কৰ্মীক অচিনাকী নম্বৰৰ ফোন নধৰিবলৈ নিৰ্দেশ।

পশ্চিমবংগৰ পিছত ত্ৰিপুৰা বিজেপিক দুৰ্বল কৰাৰ কৌশল মমতা বাহিনীৰ।  বিজেপি কৰ্মীক অচিনাকী নম্বৰৰ ফোন নধৰিবলৈ নিৰ্দেশ।

  • Share this:
ত্ৰিপুৰাত ক্ৰমাৎ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে। ইতিমধ্যে মমতা বেনাৰ্জীয়ে ত্ৰিপুৰাৰ কামাণ্ড অৰ্পন কৰিছে সদ্য কংগ্ৰেছ ত্যাগী প্ৰাক্তন সাংসদ সুস্মিত দেৱক।

সুস্মিতা দেৱেও বিগত সপ্তাহটোত বহু বিজেপি কৰ্মীক তৃণমূলত যোগদান কৰোৱাৰ বাবে যোগাযোগ কৰিছে। তৃণমূলৰ এই পদক্ষেপত শংকিত হৈ পৰিছে শাসকীয় বিজেপি। সেয়ে ত্ৰিপুৰা বিজেপিৰ আইটিচেলে হোৱাটছ এপ আৰু ফেচবুকৰ মাধ্যমৰে সতৰ্কতা মূলক প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। তেঁওলোকে অচিন শক্তিয়ে বিজেপি কৰ্মীক ফোনকলৰ জৰিয়তে বিভ্ৰান্ত কৰাৰ চেষ্টা কৰা বুলি বিজেপি কৰ্মীসকলক সাৱধান কৰিছে। তেঁওলোকৰ মতে, প্ৰশান্ত কিশোৰৰ আই-পেক নামৰ প্ৰতিষ্ঠানটোৰ কৰ্মীয়ে বিজেপি কৰ্মীক বিভ্ৰান্ত কৰিছে। সেয়ে, অচিনাকী নম্বৰৰ পৰা সাৱধান থকা উচিত। উল্লেখযোগ্য যে, বিগত মাহৰ পৰা আই পেক আৰু তৃণমূল কংগ্ৰেছৰ সৈতে বিজেপি কৰ্মীৰ সংঘাত ব্যাপক হাঁৰত বৃদ্ধি পোৱা দেখা গৈছে। ইপিনে ত্ৰিপুৰাৰ তৃণমূল কংগ্ৰেছৰ মতে, ক্ষমতা হেৰুওৱাৰ আশংকাত বৰ্তমান বিজেপি ভীতিগ্ৰস্ত। সেয়ে বিজেপিৰ আইটিচেলে এনে অপপ্ৰচাৰত নামিছে। অনাগত নিৰ্বাচনত ত্ৰিপুৰাক বিজেপি মুক্ত হ'ব বুলিও দাবী কৰে ত্ৰিপুৰাৰ তৃণমূল কংগ্ৰেছৰ নেতৃত্বই।
Published by: Kokil Sarma
First published: September 6, 2021, 8:16 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি