মোদী চৰকাৰৰ জয় : ৰাজ্যসভাতো গৃহীত তিন তালাক বিধেয়ক

অৱশেষত কেইবা শতক ধৰি চলি থকা তিন তালাক প্ৰথাৰ অন্ত। ৰাজ্যসভাত গৃহীত তিনি তালাক বিধেয়ক। দিনযোৰা বিতৰ্কৰ পাছত উচ্চ সদনত গৃহীত বিধেয়কখন।

News18-Assam
Updated:July 30, 2019, 7:24 PM IST
মোদী চৰকাৰৰ জয় : ৰাজ্যসভাতো গৃহীত তিন তালাক বিধেয়ক
অৱশেষত কেইবা শতক ধৰি চলি থকা তিন তালাক প্ৰথাৰ অন্ত। ৰাজ্যসভাত গৃহীত তিনি তালাক বিধেয়ক। দিনযোৰা বিতৰ্কৰ পাছত উচ্চ সদনত গৃহীত বিধেয়কখন।
News18-Assam
Updated: July 30, 2019, 7:24 PM IST
মোদী চৰকাৰৰ বৃহৎ জয়। অৱশেষত কেইবা শতক ধৰি চলি থকা তিন তালাক প্ৰথাৰ অন্ত। ৰাজ্যসভাত গৃহীত তিনি তালাক বিধেয়ক। দিনযোৰা বিতৰ্কৰ পাছত উচ্চ সদনত গৃহীত বিধেয়কখন। এই বিধেয়কখনৰ সপক্ষে ৯৯টা ভোটৰ বিপৰীতে বিধেয়কৰ বিৰুদ্ধে ৮৪টা ভোটদান। তিন তালাক বিধেয়কখন আইনত পৰিণত হোৱাৰ পথ মুকলি। এতিয়াৰে পৰা ফৌজদাৰী আইনৰ অধীনত জামিন বিহীন অপৰাধ হিচাপে গণ্য হ’ব তিনি তালাক। এই অপৰাধৰ অভিযুক্তক ৩ বছৰৰ কাৰাবাসৰ শাস্তি প্ৰদানৰ লগতে পত্নীয়ে লাভ কৰিব সম্পূৰ্ণ ভৰণ–পোষণ। ইতিমধ্যে লোকসভাত গৃহীত হৈছে তিন তালাক বিধেয়ক। উল্লেখ্য যে, লোকসভাত তিনি তালাক বিধেয়ক উত্থাপন হোৱাত ইয়াৰ বিৰোধিতা কৰিছিল কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে। ডিএমকেয়েও লোকসভাত বিৰোধিতা কৰিছিল তিনি তালাক বিধেয়কৰ। বিহাৰৰ NDA সহযোগী দল জেডিইউৱে অৱশ্যে বিধেয়কখনক লৈ ভোট প্ৰদানৰ পৰা বিৰত থাকে। কিন্তু তাৰ পিছতো লোকসভাত বিধেয়কখন অতি সহজেই গৃহীত কৰাত সফল হয় মোদী চৰকাৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি