Explained : সঘনাই সলনি হৈছে কোভিডৰ ৰূপ! এইবাৰ কোৰোণাৰ Triple মিউটেণ্টৰ সংহাৰ! অসাৰ হৈ পৰিব নেকি ভেকচিন!

News18 Assam | News18-Assam
Updated:April 24, 2021, 3:50 PM IST
Explained : সঘনাই সলনি হৈছে কোভিডৰ ৰূপ! এইবাৰ কোৰোণাৰ Triple মিউটেণ্টৰ সংহাৰ! অসাৰ হৈ পৰিব নেকি ভেকচিন!
পশ্চিম বংগত প্ৰথমবাৰৰ বাবে কোৰোণা ভাইৰাছৰ এই প্ৰকাৰ দেখিবলৈ পোৱা বাবে ইয়াক বেংগল ভেৰিয়েণ্ট বুলিও কোৱা হৈছে৷

পশ্চিম বংগত প্ৰথমবাৰৰ বাবে কোৰোণা ভাইৰাছৰ এই প্ৰকাৰ দেখিবলৈ পোৱা বাবে ইয়াক বেংগল ভেৰিয়েণ্ট বুলিও কোৱা হৈছে৷

  • Share this:
দেশত অব্যাহত আছে কোৰোণা ভাইৰাছৰ সংহাৰ। ইয়াৰ মাজতে সঘনাই ৰূপ সলাইছে কোভিড ভাইৰাছে৷ দেশত বৰ্ধিত সংক্ৰমণ চলি থকাৰ মাজতে দেখা দেখা দিয়া ডাবল মিউটেণ্ট প্ৰকাৰৰ কোৰোণা ভাইৰাছৰ বিষয়ে সঠিককৈ জানিব পৰাই নৌহওঁতেই, এইবাৰ ধৰা পৰিছে কোৰোণাৰ Triple মিউটেণ্ট প্ৰকাৰ।

এয়া হৈছে কোৰোণাৰ ভাইৰাছৰ তৃতীয়টো প্ৰকাৰ৷ এই প্ৰকাৰৰ ওপৰত এতিয়াও গৱেষণা কৰা হোৱা নাই, যদিও ভাইৰাছৰ ৰূপ সলনি কৰা এই বিষয়টো যথেষ্ট মাৰাত্মক হ'ব পাৰে বুলি আশংকা কৰা হৈছে৷

ভাইৰাছৰ মিউটেচন কি?

দৰাচলতে, ভাইৰাছে মানুহৰ দৰেই কাম কৰে। আমি যিদৰে নিজকে আগুৱাই নিবলৈ আৰু আপডেট হৈ থাকিবলৈ নতুন বস্তু শিকিবলৈ লওঁ, একেদৰে ভাইৰাছেও জীয়াই থকাৰ থাকিবলৈ একে পদ্ধতি আগবাঢ়ে৷ ভাইৰাছে নিজকে দীঘলীয়া সময়ৰ বাবে কাৰ্যকৰী কৰি ৰাখিবলৈ নিৰন্তৰভাৱে আনুবংশিক গাঁথনি সলনি কৰে যাতে ভাইৰাছবিধ নিঃশেষ হৈ নাযায়।

মিউটেচন কি হয়?

মিউটেচন এই প্ৰক্ৰিয়াত, কেতিয়াবা ভাইৰাছবোৰ সঁচাকৈয়ে শক্তিশালী হৈ পৰে। আৰু আনকি ভেকচিনে তাৰ ওপৰত কোনো কাম নকৰাৰ ভয়ো আহি পৰে। ভাইৰাছৰ একে প্ৰকৃতিক অনুভৱ কৰি, বহু ৰোগৰ বাবে বুষ্টাৰ ড’জ দিয়া হয় বা ভেকচিনটোও উন্নত কৰা হয়। কেতিয়াবা কিন্তু মিউটেচনৰ ফলত ভাইৰাছ দুৰ্বলো হৈ পৰে।

ডাবল মিউটেচনৰ ক্ষেত্ৰত ভাইৰাছৰ জিনমৰ দুবাৰ পৰিৱৰ্তন দেখা গৈছিল -

ডাবল মিউটেণ্টৰ প্ৰথম উল্লেখ মাৰ্চ মাহত কৰা হৈছিল। চৰকাৰে সেইসময়ত ৪খন কোৰোণা প্ৰভাৱিত ৰাজ্য - মহাৰাষ্ট্ৰ, গুজৰাট, দিল্লী আৰু পঞ্জাবৰ পৰা ভাইৰাছৰ নমুনা সংগ্ৰহ কৰিছিল আৰু ইয়াৰ ওপৰত গৱেষণা কৰিছিল আৰু ফলাফল লাভ কৰিছিল। একে সময়তে বৰ্ধিত সংক্ৰমণৰ বাবে ভাইৰাছটোৰ ডাবল মিউটেণ্ট দায়ী বুলিয়ে আশংকা কৰা হৈছিল। যদিও এই মুহূৰ্তত এয়া নিশ্চিত হোৱা নাই।

পশ্চিম বংগত ত্ৰিপ’ল মিউটেণ্ট -

চেণ্টাৰ ফৰ ছেলুলাৰ এণ্ড মলিকিউলাৰ বায়’লজী (CCMB)য়ে ডাবল মিউটেণ্টক বুজিবলৈ চেষ্টা কৰি থকাৰ মাজতে ত্ৰিপ’ল মিউটেণ্টৰ বিষয়টো চৰ্চালৈ আহিছে। পশ্চিম বংগত SARS-COV-2ৰ এই নতুন প্ৰকাৰটো চিনাক্ত কৰা হৈছে। এই ভাইৰাছৰ তিনিটা পৃথক পৃথক ষ্টেইনৰ সংমিশ্ৰণ অৰ্থাৎ এয়া বুজিব পাৰি যে ভাইৰাছৰ তিনিটা প্ৰকাৰে একেলগ হৈ এক নতুন অৱতাৰ লৈছে।

ত্ৰিপ’ল(Triple) মিউটেণ্ট অধিক স্মাৰ্ট হ'ব পাৰে -

বিজ্ঞানীসকলে ত্ৰিপ’ল মিউটেণ্টক B.1.618 নাম দিছে। প্ৰাৰম্ভিক অনুসন্ধানত বিশ্বাস কৰা হৈছে যে ইয়াত পোৱা আনুবংশিক প্ৰকাৰটো অধিক বুদ্ধিমান আৰু ইয়ে ইতিমধ্যে শৰীৰত এণ্টিব’ডী বিকশিত কৰা লোকসকলৰ শৰীৰকো আক্ৰমণ কৰিব পাৰে। অৰ্থাৎ যিসকল লোক এবাৰ কোৰোণাত আক্ৰান্ত হৈ আৰোগ্য হৈছে বা সম্ভৱতঃ যিসকলে ভেকচিন গ্ৰহণ কৰিছে তেওঁলোকো ইয়াৰ আক্ৰমণৰ ভুক্তভোগী হ'ব পাৰে। যদিও এই কথা এতিয়াও নিশ্চিত হোৱা নাই।

এই ভাইৰাছৰ গাঁথনিত কিছুমান বস্তু নাইকিয়া হোৱাৰ লগতে কিছুমান ইয়াত যোগ হৈছে বুলি আশা কৰা হৈছে। ত্ৰিপ’ল মিউটেচনত কোৰোণা ভাইৰাছৰ H146 আৰু Y145 নামৰ স্পাইক প্ৰ'টিন নাইকিয়া হৈছে। আনফালে দুটা প্ৰকাৰৰ স্পাইক প্ৰ'টিনৰো সলনি হৈছে৷ এই স্পাইক প্ৰ'টিনক E484K আৰু D614G বুলি কোৱা হৈছে।

কেতিয়াৰ পৰা এই মিউটেচন দৃশ্যমান হৈছে -

প্ৰথম মিউটেচন ব্ৰিটেইনত পোৱা গৈছিল, যাক ইউকে প্ৰকাৰ বা B.1.1.7 বুলিও জনা যায়। এই প্ৰকাৰ পুৰণি ভাইৰাছতকৈ বহুগুণে অধিক সংক্ৰামক বুলি গণ্য কৰা হৈছে। আনকি ইয়াৰ ফলত মৃত্যুৰ হাৰ বৃদ্ধি পাইছিল আৰু ইউকেত লকডাউন ঘোষণা কৰা হৈছিল। ইয়াৰ পিছত ব্ৰাজিলত এটা নতুন প্ৰকাৰ চিনাক্ত কৰা হৈছিল, যাক B.1.351 নাম দিয়া হৈছিল। ইয়ে দেখুৱাইছিল যে কোৰোণাৰ পৰা আৰোগ্য হৈ উঠা ৰোগীসকলো পুনৰ আক্ৰান্ত হ'বলৈ আৰম্ভ কৰিছিল।

তেনেস্থলত ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদন অনুসৰি প্ৰথমে পশ্চিম বংগত দেখিবলৈ এই ত্ৰিপুল মিউটেচনৰ উপস্থিতি এতিয়া দিল্লী আৰু মহাৰাষ্ট্ৰতো দৃশ্যমান হৈছে। ই কিমান মাৰাত্মক বা সংক্ৰামক সেয়া এতিয়াও নিশ্চিত হোৱা নাই৷ কিন্তু বিজ্ঞানীসকলৰ মতে, ই E484কে মিউটেচন দেখুৱাই আছে, যি এক ভাৰতত চিন্তাৰ কাৰণ হিচাপে বিবেচিত হৈছে৷

উল্লেখ্য যে এই E484K মিউটেণ্টক ৰোগ প্ৰতিৰোধ পলায়ন প্ৰকাৰ বুলি কোৱা হৈছে। অৰ্থাৎ এই প্ৰণালীটোৱেই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে আৰু শৰীৰত প্ৰৱেশ কৰে। NDTVৰ সৈতে হোৱা এক বাৰ্তালাপত মেকগিল বিশ্ববিদ্যালয়ৰ এপিডেমিঅ'লজীৰ অধ্যাপক ড০ মধুকৰ পেয়ে কয় যে ই অধিক দ্ৰুতগতিত বিয়পি পৰা ভাইৰাছৰ এটা প্ৰকাৰ। ইয়াৰ কাৰণে দ্ৰুতগতিত অধিক মানুহ অসুস্থ হৈ পৰিছে।
Published by: Sanjay Kumar Das
First published: April 24, 2021, 1:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি