স্বাধীন ভাৰতৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়াবিদ মিলখা সিঙৰ জীৱন আছিল বহু ঘাত-প্ৰতিঘাতেৰে পৰিপূৰ্ণ। ৯১ বছৰ বয়সত দেহাৱসান ঘটা মিলখা সিঙৰ জীৱনৰ নজনা বহু কথাই আছে। কিন্তু কিছুমান কথা নাজানিলে মহান খেলুৱৈগৰাকীৰ বিষয়ে একো নজনা যেনেই হ'ব।
'উৰন্ত শিখ' মিলখা সিং হ'ল কমনৱেল্থ গেমছত ব্যক্তিগত শাখাত সোণৰ পদক জয় কৰা প্ৰথম ভাৰতীয় ক্ৰীড়াবিদ।
মিলখা সিঙক ফ্লায়িং শিখ (Flying Sikh) উপাধি বা নামেৰে নামকৰণ কৰিছিল পাকিস্তানৰ তদানীন্তন ৰাষ্ট্ৰপতি জেনেৰেল আয়ুব খানে।
ভাৰতক তিনিখন গ্ৰীষ্মকালীন অলিম্পিকত প্ৰতিনিধিত্ব কৰা খেলুৱৈ মিলখা সিং। ১৯৫৬ চনত মেলবৰ্ণ অলিম্পিকত, ১৯৬০ চনত ৰোম অলিম্পিকত আৰু ১৯৬৪ চনত টকিঅ' অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল মিলখা সিঙে।
১৯৬০ চনত ৰোম অলিম্পিকত ৪৫.৭৩ ছেকেণ্ডেৰে চতুৰ্থ স্থান থাকি ৰচা ৰাষ্ট্ৰীয় অভিলেখ ৪০ বছৰলৈ অক্ষত আছিল। কোনেও সেই অভিলেখ ভংগ কৰিব পৰা নাছিল।
১৯৬০ চনত ৰোম অলিম্পিকত মাত্ৰ ০.১ ছেকেণ্ডৰ ব্যৱধানৰ বাবে ব্ৰঞ্জৰ পদকৰ পৰা বঞ্চিত হৈছিল মিলখা সিং।
১৯৫৯ চনত মিলখা সিঙক প্ৰদান কৰা হৈছিল পদ্মশ্ৰী সন্মান।
২০০১ চনত মিলখা সিঙে প্ৰত্যাখ্যান কৰিছিল অৰ্জূন সন্মান। ৪০ বছৰৰ পাছত এই সন্মান যঁচা বাবে ক্ষুব্ধ হৈ অৰ্জূন সন্মান প্ৰত্যখ্যান কৰিছিল।
ভাৰতীয় সেনা বাহিনীত চাকৰি কৰি থকাৰ মাজতে অলিম্পিক খেলিছিল মিলখা সিঙে।
কমনৱেল্থ গেমছ আৰু এছিয়ান গেমছত ৪০০ মিটাৰ দৌৰত সোণৰ পদক দখল কৰা একমাত্ৰ ভাৰতীয় খেলুৱৈ মিলখা সিং।
ভাৰত বিভাজনৰ সময়ত অনাথ আৰু উচ্ছেদিত হৈছিল মিলখা সিং। ৰক্তাক্ত বিভাজনৰ সময়ত চকুৰ সন্মুখত নিজৰ পিতৃ-মাতৃ, ভাতৃ আৰু দুগৰাকী ভগ্নীক উন্মাদ লোকে হত্যা কৰা দৃশ্য দেখিছিল মিলখা সিঙে।
সেনা বাহিনীত যোগ দিয়াৰ পূৰ্বে নিৰাশ আৰু হতাশ মিলখা সিঙে একো একোবাৰ ডকাইত হোৱাৰো ইচ্ছা কৰিছিল। এজন ভাতৃৰ পৰামৰ্শত সেনা বাহিনীত ভৰ্তি হৈছিল।
বিনা টিকেটতত যাত্ৰা কৰাৰ বাবে এবাৰ ৰে'ল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত তিহাৰ জেইলতো থাকিব লগা হৈছিল। ঈশ্বৰ নামে ভনীয়েকজনীয়ে অলংকাৰ বিক্ৰী কৰি জামিনত মোকলাই আনিছিল মিলখা সিঙক।
শৈশৱত নিজৰ বিদ্যালয়ৰ পৰা আৰম্ভ কৰি পুনৰ বিদ্যালয়লৈ ১০ কিলোমিটাৰ দৌৰিছিল মিলখা সিঙে।
ৰোম অলিম্পিকত পিন্ধি দৌৰা জোতাযোৰ আৰু মিলখা সিঙৰ পদকবোৰ পাটিয়ালাৰ ক্ৰীড়া সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে।
ভাৰতৰ প্ৰখ্যাত গোল্ফ খেলুৱৈ জীৱ মিলখা সিং হৈছে এইগৰাকী মহান খেলুৱৈৰ সন্তান।
১৯২৯ চনত বৰ্তমানৰ পাকিস্তানৰ মুজফ্ফৰনগৰৰ গোবিন্দপুৰত জন্ম হৈছিল মিলখা সিঙৰ। এজন অনাথ কিশোৰৰ পৰা ভাৰতৰ ক্ৰীড়াৰ চিৰজ্যোতিস্মান তাৰকালৈ এক বৰ্ণিল জীৱন পৰিক্ৰমা আছে মিলখা সিঙৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|