Akshaya tritiya 2019: আজি সোণ ক্ৰয় কৰিলে মনত ৰাখক এই কেইটা কথা নহ’ব আপোনাৰ লোকচান!

আজিৰ শুভ দিনটোত সোণেৰে তৈয়াৰী সামগ্ৰী বা গহণা ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে যদি জানি লওক এইকেইটা কথা। ইয়াৰ জৰিয়তে আপুনি সোণ ক্ৰয় কৰোতে লোকচান ভৰিব নালাগে আৰু শুদ্ধ সোণ ক্ৰয় কৰিব পাৰিব।

Dulu Medhi | news18assam
Updated:May 7, 2019, 2:48 PM IST
Akshaya tritiya 2019: আজি সোণ ক্ৰয় কৰিলে মনত ৰাখক এই কেইটা কথা নহ’ব আপোনাৰ লোকচান!
আজিৰ শুভ দিনটোত সোণেৰে তৈয়াৰী সামগ্ৰী বা গহণা ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে যদি জানি লওক এইকেইটা কথা। ইয়াৰ জৰিয়তে আপুনি সোণ ক্ৰয় কৰোতে লোকচান ভৰিব নালাগে আৰু শুদ্ধ সোণ ক্ৰয় কৰিব পাৰিব।
Dulu Medhi | news18assam
Updated: May 7, 2019, 2:48 PM IST
Akshaya tritiya 2019: অক্ষয়া তৃতীয়াৰ দিনা সোণেৰে তৈয়াৰী সামগ্ৰী আৰু গহণা ক্ৰয় কৰাটো মংগলদায়ক। লোকবিশ্বাস অনুসৰি এই দিনটোত সোণ ক্ৰয় কৰা লোকসকলৰ ঘৰ সদায় ধন–ঐশ্বৰ্যৰ আগমণ ঘটে আৰু মা লক্ষ্মীয়ে সদায় কৃপা বনাই ৰাখে। আজিৰ এই শুভ দিনটোত সোণেৰে তৈয়াৰী সামগ্ৰী বা গহণা ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে যদি জানি লওক এইকেইটা কথা। ইয়াৰ জৰিয়তে আপুনি সোণ ক্ৰয় কৰোতে লোকচান ভৰিব নালাগে আৰু শুদ্ধ সোণ ক্ৰয় কৰিব পাৰিব।

সোণ ক্ৰয় কৰাৰ পূৰ্বে ইয়াৰ বিশুদ্ধতা সম্পৰ্কে জনাৰ প্ৰয়োজন। ২৪ কেৰেটৰ সোণ আটাইতকৈ বিশুদ্ধ। কিন্তু এই সোণ যথেষ্ট পাতল সেইকাৰণে সোণৰ গহণা তৈয়াৰ কৰাৰ সময়ত ইয়াত ধাতু ব্যৱহাৰ কৰিব লাগে। কিন্তু কোনো সোণাৰীয়ে আপোনাক কয় যে তেওঁ আপোনাক ২৪ কেৰেটৰ সোণ দিব তেন্তে আপুনি বুজিব যে আপোনাক তেওঁ ঠগাই আছে। সোণৰ গহণা তৈয়াৰ কৰিবলৈ প্ৰায়ভাগ সোণাৰীয়ে ২২ কেৰেট বা ১৮ কেৰেট সোণৰ ব্যৱহাৰ কৰে।

সোণৰ সামগ্ৰী বা গহণা ক্ৰয় কৰাৰ সময়ত হলমাৰ্কৰ চিহ্ন নিশ্চয় চাই ল’ব। এই চিহ্ন বিশুদ্ধতাৰ প্ৰতীক। আপুনি এই সন্দৰ্ভত অনলাইন বা সোণাৰীকো সোধাপোছা কৰিব পাৰে। যিসমূহ গহণাত হলমাৰ্কৰ চিহ্ন নাথাকে সেই গহণা ক্ৰয় নকৰাটোৱে আপোনাৰ কাৰণে সঠিক সিদ্ধান্ত।

যদি আপুনি অক্ষয়া তৃতীয়াৰ দিনা কেৱল ভৱিষ্যতৰ সুখ–সমৃদ্ধিৰ বাবে সোণ ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছে তেন্তে আপুনি সোণৰ বিস্কুট বা মুদ্ৰাহে ক্ৰয় কৰক কাৰণ ইয়াত অশুদ্ধতাৰ মাত্ৰা যথেষ্ট হ্ৰাস হৈ থাকে।
আৰু চাওক পৰৱৰ্তী বাতৰি