প্ৰথম সন্তানক স্বাগতম জনোৱাৰ অপেক্ষাত কেৰালাৰ এক ৰূপান্তৰকামী দম্পতী। কোঝিকোডৰ উম্মালাথুৰ অঞ্চলৰ বাসিন্দা জিয়া পাভাল আৰু জাহাদ ফাজিল এতিয়া আনন্দ আৰু উত্তেজনাত ৰোমাঞ্চিত। তেওঁলোকৰ প্ৰথম সন্তান জন্ম হ’ব অহা মাহত, মাৰ্চত। সামাজিক মাধ্যমত এই ডাঙৰ খবৰটো শ্বেয়াৰ কৰিছে জিয়াই। জাহাদো আহিছে শিৰোনামলৈ। কাৰণ সম্ভৱতঃ তেঁৱেই দেশৰ প্ৰথম ৰূপান্তৰকামী পুৰুষ যি অন্তঃসত্ত্বা হৈছে।
জিয়াৰ জন্মগত লিংগ পৰিচয় পুৰুষ। তেওঁ লিংগ পৰিৱৰ্তন কৰি নাৰী হৈছে। আনহাতে, জাহাদৰ জন্ম হৈছিল নাৰী হিচাপে। তেওঁ লিংগ পৰিৱৰ্তন কৰি পুৰুষ হৈছে। সংবাদ মাধ্যমত প্ৰকাশিত অনুসৰি, তেওঁলোকে বিগত তিনি বছৰ ধৰি সহবাস কৰিছে। ট্ৰানজিশ্যন পদ্ধতিৰে জিয়াৰ সহায় অন্তঃসত্ত্বা হৈছে জাহাদ।
ৰিপ’ৰ্ট অনুসৰি, এই দম্পতীয়ে লিংগ পৰিৱৰ্তন কৰাৰ বাবে ছাৰ্জাৰীৰ সহায় লৈছিল। জিয়া জন্মৰ পৰা পুৰুষ আছিল কিন্তু মহিলাৰ ৰূপ ল’লে, আনহাতে, জাহাদে নাৰীৰ হিচাপে জন্ম হৈছিল আৰু পিছত পুৰুষ হোৱাৰ সিদ্ধান্ত লয়। কিন্তু জাহাদে গৰ্ভধাৰণ কৰে। কোৱা হৈছে যে পুৰুষ হোৱাৰ বাবে কৰা ছাৰ্জাৰীত তেওঁৰ গৰ্ভাশয় আৰু কিছু আন অংগ শৰীৰৰ পৰা আঁতৰোৱা হোৱা নাছিল।

তেওঁলোকৰ মেটাৰনিটী ফটোশ্বুট সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে জিয়াই। জনাইছে তেওঁলোকৰ জীৱনযুদ্ধৰ কথাও। সপোন পূৰণত যিসকলে সহায় কৰিছে, সেই চিকিৎসক আৰু আত্মীয়–স্বজনকো ধন্যবাদ জনাইছে এই দম্পতীয়ে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : February 06, 2023, 17:31 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|