পশ্চিমবংগ আৰু ত্ৰিপুৰাৰ মাজত ৰে'ল যোগাযোগ পুনৰ আৰম্ভ৷ বান দুৰ্যোগৰ পিছত যাত্ৰীবাহী ৰে'ল সেৱা পুনৰ আৰম্ভ কৰা হৈছে৷ উত্তৰ-পূব সীমান্ত ৰে'লৱে জনোৱা এক সূত্ৰ অনুসৰি লামডিং-বদৰপুৰ শাখাত (পশ্চিম বংগ-ত্ৰিপুৰা ৰে'ল) যাত্ৰীবাহী ৰে'ল সেৱা অতিশীঘ্ৰেই পুনৰ আৰম্ভ হ'ব।
উল্লেখযোগ্য যে, লামডিং সংমণ্ডলৰ এই শাখা অৰ্থাৎ বদৰপুৰ শাখাৰ বহু ঠাইত বানপানীৰ ক্ষতিৰ বাবে ৰে'ল সেৱা বাতিল কৰা হৈছিল। ৰে'ল বিষয়া আৰু কৰ্মচাৰীসকলে এই ক্ষতিগ্ৰস্ত অঞ্চলবোৰত ৰে'ল সেৱা স্বাভাৱিক কৰাৰ বাবে প্ৰতিদিনে ২৪ ঘণ্টাই কাম কৰি আছিল, যাৰ ফলত মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম আৰু বৰাক উপত্যকাৰ কেইবাটাও ঠাইলৈ অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণ কৰা সম্ভৱ হৈছিল। ১২ জুলাইৰ পৰা এই শাখাত সামগ্ৰী পৰিবহণৰ বাবে ৰে'লসেৱা আৰম্ভ কৰা ইতিমধ্যে সম্ভৱ হৈছে। যাত্ৰীবাহী ৰে'লসমূহ এতিয়া পুনৰ আৰম্ভ কৰা হ'ব।
চলাচল আৰম্ভ কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ ৰেলবোৰ হৈছে শিয়ালদাহ-আগৰতলা কাঞ্চনজংঘা এক্সপ্ৰেছ। ই ২২ জুলাইৰ পৰা আৰম্ভ হ'ব। আগৰতলা-শিয়ালদাহ এক্সপ্ৰেছ, ২৩ জুলাইৰ পৰা আৰম্ভ হ'ব৷ শিলচৰ-শিয়ালদাহ কাঞ্চনজংঘা এক্সপ্ৰেছে ২৫ জুলাইৰ পৰা যাত্ৰা আৰম্ভ কৰিব৷ শিয়ালদাহৰ পৰা শিলচৰ কাঞ্চনজংঘা এক্সপ্ৰেছে ২৩ জুলাইৰ পৰা যাত্ৰা আৰম্ভ কৰিব। ইয়াৰ উপৰিও, আগৰতলা-বেংগালুৰু কেণ্টনমেণ্ট ৬ আগষ্টৰ পৰা আৰম্ভ হ'ব। বেংগালুৰু-আগৰতলা কেণ্টনমেণ্টে ৯ আগষ্টৰ পৰা যাত্ৰা আৰম্ভ কৰিব। ইয়াৰ উপৰিও, গুৱাহাটী-শিলচৰ, আগৰতলা-দেওঘৰ, নিউ তিনিচুকীয়া-শিলচৰ, কোয়েম্বাটুৰ-শিলচৰ, ফিৰোজপুৰ কেণ্টনমেণ্টৰ পৰা আগৰতলা, আগৰতলা-আনন্দ বিহাৰ টাৰ্মিনেল, তিৰুৱন্তপুৰম কেন্দ্ৰীয়-শিলচৰ, শিলচৰ-নতুন দিল্লী এক্সপ্ৰেছ পৰ্যায়ক্ৰমে আৰম্ভ হ'ব।
ইয়াৰ উপৰিও দিল্লী সংযোগী ৰে'লখন ১ আগষ্টৰ পৰা আৰম্ভ হ'ব, আনহাতে ৩০ জুলাইৰ পৰা গুৱাহাটী-বদৰপুৰ-গুৱাহাটী টুৰিষ্ট এক্সপ্ৰেছ আৰম্ভ কৰা হ'ব। উত্তৰ-পূব ভাৰতৰ পৰিবহণৰ এক মাধ্যম হৈছে ৰে'ল সংযোগ। বানপানীৰ ফলত ৰে'ল সমূহ স্থগিত ৰখাৰ বাবে যাত্ৰীসকলে যাতায়তত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল৷ ইয়াৰ উপৰিও বিমানৰ টিকটৰ মূল্য ইমানবেছি আছিল যে সকলোৱে যাত্ৰা কৰাটো সম্ভৱ নহয়৷ অৱশেষত ৰে'ল সংযোগ মুকলি হোৱাৰ বাতৰি পাই উত্তৰ-পূব ভাৰতৰ ৰাজ্যখনৰ বাসিন্দাসকল সকাহ পাইছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|