চলন্ত অৱস্থাতে ভাঙিল ৰে’লৰ চকা, বৃহৎ অঘটনৰ পৰা কথমপি ৰক্ষা

পুৱা ৮ বজাত মনমাৰ ষ্টেচন পোৱাৰ পূ্ৰ্বে সংঘটিত হয় এই ঘটনাটো।

news18assam
Updated:June 2, 2019, 12:30 PM IST
চলন্ত অৱস্থাতে ভাঙিল ৰে’লৰ চকা, বৃহৎ অঘটনৰ পৰা কথমপি ৰক্ষা
পুৱা ৮ বজাত মনমাৰ ষ্টেচন পোৱাৰ পূ্ৰ্বে সংঘটিত হয় এই ঘটনাটো।
news18assam
Updated: June 2, 2019, 12:30 PM IST
মহাৰাষ্ট্ৰৰ মনমাৰৰ সমীপত দেওবাৰে দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল এখন ৰে’ল। চলন্ত অৱস্থাতে ভাঙিল ৰে’লখনৰ এটা চকা। মুম্বাইৰ দিশে গৈ থকা অৱস্থাতে চকা ভাঙিল বাৰৌনী–মুম্বাই সমৰ স্পেচিয়েল ৰে’লখনৰ। এই ঘটনাৰ পিছতে ৰে’লখনৰ যাত্ৰীৰ মাজত সৃষ্টি হয় তীব্ৰ আতংকৰ। অৱশ্যে কোনো লোক হতাহত হোৱা নাই এই ঘটনাত।

পুৱা ৮ বজাত মনমাৰ ষ্টেচন পোৱাৰ পূ্ৰ্বে সংঘটিত হয় এই ঘটনাটো। মুম্বাইৰ দিশে আহি থকাৰ সময়তে হঠাৎ ভাঙি যায় ৰে’লখনৰ এটা চকা। এই ঘটনাৰ পিছতে চালকে ততালিকে আপাতকালীন ব্ৰেক লগাই ৰখাই দিয়ে ৰে’লখন। ফলত কথমপি ৰক্ষা পৰে ৰে’লখনত থকা যাত্ৰীসকল।
আৰু চাওক পৰৱৰ্তী বাতৰি