உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • গুৱাহাটী অভিমুখী ৰে'ল দুৰ্ঘটনাগ্ৰস্তঃ নিশা পৰ্যন্ত ৮ জনৰ মৃত্যু, ৰে'লখনত অসমৰ কিমানজন যাত্ৰী আছিল?

    গুৱাহাটী অভিমুখী ৰে'ল দুৰ্ঘটনাগ্ৰস্তঃ নিশা পৰ্যন্ত ৮ জনৰ মৃত্যু, ৰে'লখনত অসমৰ কিমানজন যাত্ৰী আছিল?

    Train Accident in West Bengal:  মাঘৰ বিহুৰ উৰুকাৰ দিনা পশ্চিমবংগত দুৰ্ঘটনাগ্ৰস্ত হয় গুৱাহাটী অভিমুখী ৰে'ল। ১২টাকৈ ডবা লাইনচ্যুত হৈছিল ৰে'লখনৰ।

    Train Accident in West Bengal: মাঘৰ বিহুৰ উৰুকাৰ দিনা পশ্চিমবংগত দুৰ্ঘটনাগ্ৰস্ত হয় গুৱাহাটী অভিমুখী ৰে'ল। ১২টাকৈ ডবা লাইনচ্যুত হৈছিল ৰে'লখনৰ।

    Train Accident in West Bengal: মাঘৰ বিহুৰ উৰুকাৰ দিনা পশ্চিমবংগত দুৰ্ঘটনাগ্ৰস্ত হয় গুৱাহাটী অভিমুখী ৰে'ল। ১২টাকৈ ডবা লাইনচ্যুত হৈছিল ৰে'লখনৰ।

    • Share this:
    মাঘৰ বিহুৰ উৰুকাৰ দিনা পশ্চিমবংগত দুৰ্ঘটনাগ্ৰস্ত হয় গুৱাহাটী অভিমুখী ৰে'ল। ১২টাকৈ ডবা লাইনচ্যুত হৈছিল গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছৰ। সেই ডবাকেইটাত আছিল সৰ্বমুঠ ৫৭৭ গৰাকী যাত্ৰী।

    ইফালে দুৰ্ঘটনাত বৃহস্পতিবাৰে নিশা পৰ্যন্ত ৮ জন লোকে মৃত্যুক সাৱটি লৈছে। সেইদৰে গুৰুতৰ ভাবে আহত হৈ হাস্পতালত ভৰ্তি হৈছে ৪২জনকৈ যাত্ৰী। এই তথ্য প্ৰদান কৰিছে পশ্চিমবংগ প্ৰশাসনে।

    আহতসকলৰ ভিতৰত ২৮ জনক জলপাইগুড়ি ছুপাৰ স্পেচিয়েলিটী হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ৰে'ল বিভাগৰ তৰফৰ পৰা জনোৱা মতে, দুৰ্ঘটনাগ্ৰস্ত ৰে'লৰ ডবাৰ পৰা সকলো যাত্ৰীকে উদ্ধাৰ কৰা হৈছে। লগতে ডবাৰ ভিতৰত এতিয়াও কোনো লোক আবদ্ধ হৈ আছে নেকি সেইলৈ অভিযান আৰম্ভ কৰিছে ৰেল বিভাগে।

    ৰে'লখনত আছিল সৰ্বমুঠ ১০৫৩ গৰাকী যাত্ৰী। ইফালে  দুৰ্ঘটনাত আহত আৰু নিহতৰ বাবে আৰ্থিক সাহায্য ঘোষণা ৰে'ল কৰ্তৃপক্ষৰ। নিহতৰ বাবে ৫ লাখ, গুৰুতৰভাৱে আহতলৈ ১লাখ আৰু সামান্য আহতৰ বাবে ২৫ হাজাৰ টকাৰ সাহায্য ঘোষণা কৰিছে।

    উল্লেখ্য যে,  ডবাত থকা ২৯০ যাত্ৰীক বিশেষ ৰেলেৰে অনা হৈছে গুৱাহাটী ৰে'লৱে ষ্টেচনলৈ। যাত্ৰীসকলক ষ্টেচনৰ পৰা বিশেষ বাছেৰে ঘৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা ৰাজ্য চৰকাৰৰ৷ ইফালে ঘটনাস্থলীলৈ ৰাওনা হৈছে NF ৰে'লৱেৰ মহা প্ৰৱন্ধকৰ আঞ্চুল গুপ্তাৰ নেতৃত্বত এটা দল। ইতিমধ্যে দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হৈছে। এই কথা জনালে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া গুনীত কৌৰে।
    Published by:Himangshu Bhuyan
    First published: