Motor Vehicle Act : কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নিতিন গাডকাৰীয়ে জনাইছে এই কথা।
Motor Vehicle Act : কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নিতিন গাডকাৰীয়ে জনাইছে এই কথা।
যদি গাড়ী চলাই থকাৰ সময়ত আপুনি মোবাইল ফোনত কথা পাতে, তেতিয়া ট্ৰেফিক পুলিচে আপোনাৰ পৰা কোনোধৰণৰ জৰিমনা বা চালান কাটিব নোৱাৰিব। চৰকাৰে খোদ এই কথা জানিবলৈ দিছে। যদি কোনো ট্ৰেফিক পুলিচে আপোনাৰ নামত চালান কাটি দিয়ে, তেতিয়া আপুনি আদালতৰ দ্বাৰস্থ হ'ব পাৰিব।
কেন্দ্ৰীয় পথ পৰিবহণ তথা ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নিতিন গাডকাৰীয়ে কৈছে যে, গাড়ী চলোৱাৰ সময়ত যদি ড্ৰাইভাৰে হেণ্ড ফ্ৰী কমিউনিকেশ্যন ফিচাৰৰ ব্যৱহাৰ কৰি নিজৰ ফোনত কথা পাতে, তেন্তে ই কোনো দণ্ডনীয় অপৰাধ নহয়। ইয়াৰ বাবে ড্ৰাইভাৰে কোনোধৰণৰ জৰিমনা ভৰিব নালাগে।
হেলমেট নিপিন্ধিলে বাতিল হ'ব পাৰে আপোনাৰ ড্ৰাইভিং লাইচেন্সঃ
মটৰ ভেহিকল এক্ট ২০১৯ৰ অধীনত হেলমেট নিপিন্ধিলে চালকে ভৰিব লাগিব ১০০০ টকাৰ জৰিমনা। আনকি ধাৰা ১৯৪ৰ অধীনত তিনি মাহৰ বাবে ড্ৰাইভিং লাইচেন্স বাতিল কৰিবও পাৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|